শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত টাইপাৰ কেন্দ্ৰীয় মহাবীৰ লাচিত দিৱস

টাই-আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰিয়ভাৱে অনুষ্ঠিত কৰিছে মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানত ড০ কে চি নৌৰিয়েলক প্ৰদান কৰা হ'ব মহাবীৰ লাচিত বঁটা প্ৰদান কৰা হ’ব

author-image
Asomiya Pratidin
New Update
লাচিত দিৱস

ডিজিটেল ডেস্কঃ টাই-আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰিয়ভাৱে অনুষ্ঠিত কৰিছে মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান।

২৪ নৱেম্বৰত টাইপাৰ কেন্দ্ৰীয় সমিতি আৰু কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত, মহিলা পৰিষদৰ সহযোগত অনুষ্ঠিত হবলগীয়া এই অনুষ্ঠানত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে পদ্মশ্ৰী ড০ যোগেন্দ্ৰ নাথ ফুকন, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া, অৱসৰপ্ৰাপ্ত মহাধিবক্তা ড০ ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই, পৰিবহন বিভাগৰ সচিব আই এ এছ আদিল খান, আৰক্ষী মহা পৰিদৰ্শক পাৰ্থ সাৰথি মহন্তই অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানতে ভাৰত চৰকাৰৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ড০ কে চি নৌৰিয়েলক মহাবীৰ লাচিত বঁটা প্ৰদান কৰা হব। এই অনুষ্ঠানত সমূহ ৰাইজৰ সহযোগিতা তথা উপস্থিতি আশা কৰিছে উদ্যোক্তাসকলে।

লাচিত দিৱস