ডিজিটেল ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে গুৱহাটীত অসম আৰক্ষীৰ নহয়, এইবাৰ তামিলনাডু আৰক্ষীয়ে চলালে অভিযান। গুৱাহাটীৰ যুৱকৰ দেশৰ ভিন্ন প্ৰান্তৰ ড্ৰাগছ মাফিয়াৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক। ড্ৰাগছ সৰবৰাহেই নহয়, উত্থাপিত হৈছে হত্যাৰো অভিযোগ।
উল্লেখ্য যে, গুৱাহাটীত আহি বাহৰ পাতিছেহি তামিনলাডুৰ আৰক্ষীৰ এটা দল। জানিব পৰা মতে ত্ৰিবান্দ্ৰম আৰক্ষীয়ে শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত ড্ৰাগছ মাফিয়া ৰমেশ জিক।
এই ৰমেশ জিৰ সৈতে আছে গুৱাহাটীৰ হাতীগাঁৱৰ নৱজ্যোতি ককাতি নামৰ এজন যুৱকৰ ঘনিষ্ঠ সম্পৰ্ক। ত্ৰিবান্দ্ৰম আৰক্ষীৰে জেৰাত ৰমেশ জিয়ে লৈছিল নৱজ্যোতিৰ নাম।
তাৰ পাছতেই তামিলনাডুৰ আৰক্ষীয়ে ৰমেশ জিক লগত লৈ গুৱাহাটীলৈ আহি নৱজ্যোতি কাকতিক গ্ৰেপ্তাৰ কৰিছে। আনহাতে গুৱাহাটীৰ বিভিন্ন স্থানত তেওঁলোকক লৈ অভিযান চলাইছে।
তাৰ মাজতে আৰক্ষীয়ে তিনি ড্ৰাগছ মাফিয়া ক্ৰমে ৰমেশ জি, নৱজ্যোতি কাকতি আৰু মৰিয়েম আপ্পাক বিশেষ আদালতত হাজিৰ কৰিছে। মন কৰিবলগীয়া যে, গুৱাহাটী আৰক্ষীয়েও এই তিনি ড্ৰাগছ মাফিয়াক পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল।
তিনিওকে প্ৰেৰণ কৰিছিল কাৰাগাৰলৈ। আনহাতে আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰিছিল এখন বাহন। কাৰাগাৰৰ পৰা বাহিৰলৈ ওলায়েই তেওঁলোকে পুনৰ তামিলনাডুত আৰম্ভ কৰিছিল ড্ৰাগছৰ বেহা।
আৰু তাৰ মাজতেই ত্ৰিবান্দ্ৰম আৰক্ষীৰ জালত পৰে ৰমেশ জি। ইয়াৰ পাছতেই পোহৰলৈ আহে নৱজ্যোতিৰ প্ৰসংগও। ইফালে নৱজ্যোতিয়ে এজন তামিল নাগৰিকক হত্যা কৰা বুলিও অভিযোগ উত্থাপিত হৈছে।
Also Read: ৯ জুনত মঙলদৈ প্রেছ ক্লাৱৰ প্রতিষ্ঠা দিৱস উদযাপন...