গুৱাহাটীত মাতৃক পটাগুটিৰে মৰিয়াই হত্যা জীয়ৰীৰ...

টেনিছ খেলুৱৈ তানিয়া কুমাৰীৰ কাণ্ডত চাঞ্চল্য
গুৱাহাটীত মাতৃক পটাগুটিৰে মৰিয়াই হত্যা জীয়ৰীৰ...
গুৱাহাটীত মাতৃক পটাগুটিৰে মৰিয়াই হত্যা জীয়ৰীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত সংঘটিত হ'ল পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ কন্যাৰ হাততে প্ৰাণ হেৰুৱালে মাতৃয়ে। গুৱাহাটী মহানগৰীৰ বৰমটৰীয়াত সংঘটিত হৈছে এই ঘটনা।

বৰমটৰীয়াৰ ৰূপকোঁৱৰ পথত থকা পূৰ্ণিমা মেনছন নামৰ এপাৰ্টমেণ্টত সংঘটিত হোৱা এই হত্যাকাণ্ড কিয় সংঘটিত হ'ল সেই বিষয়ে জানিব পৰা নাই। জানিব পৰা মতে তানিয়া কুমাৰী নামৰ টেনিছ খেলুৱৈগৰাকীয়ে পটাগুটিৰে মৰিয়াই হত্যা কৰিলে মাতৃ মঞ্জু দেৱীক।

অতি মেধাসম্পন্ন তানিয়া কুমাৰী নামৰ এই যুৱতীগৰাকী ইউ এছ টি এমত অধ্যয়নৰত। স্থানীয় লোকে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে মাতৃ, কন্যা দুয়োগৰাকী আছিল অতি শান্ত প্ৰকৃতিৰ।

পিতৃ এগৰাকী টেনিছ প্ৰশিক্ষক। একেটা এপাৰ্টমেণ্টৰ আবাসীয়ে ঘটনা সন্দৰ্ভত কয়, প্ৰথমে তেওঁলোকৰ ফ্লেটৰ পৰা হুলস্থুল শুনিবলৈ পাইছিল আৱাসীসকলে। তেওঁলোকে আহি দুৱাৰত টুকুৰিয়াইছিল যদিও দুৱাৰ খুলি দিয়া নাছিল।

পৰৱৰ্তী সময়ত যেতিয়া দুৱাৰ খোলে তেতিয়াহে ঘটনাৰ সবিশেষ জানিব পাৰে। এগৰাকী আৱাসীয়ে কি হৈছিল বুলি প্ৰশ্ন কৰাত তানিয়াই কৈছিল মাৰ লগত কাজিয়া হৈছিল। মা মৰি থাকিল।

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পূৰ্বে কেতিয়াও তেওঁলোকৰ বাসগৃহত কাজিয়াৰ সূত্ৰপাত হোৱা নাছিল। তিনিজনীয়া সৰু পৰিয়ালটো আছিল অতি শান্ত প্ৰকৃতিৰ। সেয়ে এতিয়া এই হত্যাকাণ্ডৰ আঁৰত কিবা ৰহস্যৰ উমান পাইছে স্থানীয় আৱাসীয়ে।

আৰক্ষীৰ সঠিক তদন্ততহে এই ঘটনাৰ সবিশেষ পোহৰলৈ আহিব। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তানিয়া কুমাৰীক। শেহতীয়াকৈ তেওঁ ৰাজ্যিক পৰ্যায়ৰ টেনিছ প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈয়ো নিৰ্বাচিত হৈছিল।

গুৱাহাটীত মাতৃক পটাগুটিৰে মৰিয়াই হত্যা জীয়ৰীৰ...
লালমাটিত এছ টি এফৰ অভিযানঃ নিষিদ্ধ সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in