গুৱাহাটীত পুৱাই অঘটনঃ নিচাযুক্ত দ্ৰব্য ক্ৰয় কৰিবলৈ ধন নিদিয়াৰ বাবেই নলাত জাঁপ দিলে কিশোৰে !

এছ ডি আৰ এফে চলাই আছে উদ্ধাৰ অভিযান, এতিয়ালৈকে নাই সন্ধান
গুৱাহাটীত পুৱাই অঘটনঃ নিচাযুক্ত দ্ৰব্য ক্ৰয় কৰিবলৈ ধন নিদিয়াৰ বাবেই নলাত জাপ দিলে কিশোৰে !
গুৱাহাটীত পুৱাই অঘটনঃ নিচাযুক্ত দ্ৰব্য ক্ৰয় কৰিবলৈ ধন নিদিয়াৰ বাবেই নলাত জাপ দিলে কিশোৰে !
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুৱাৰ ভাগতে অঘটন। ছাৰ্ভে অঞ্চলৰ অজন্তা পথৰ এটা নলাত জাঁপ দিলে ১৫ বছৰীয়া এটি কিশোৰে। সন্দেহ কৰা অনুসৰি নিচাগ্ৰস্ত অৱস্থাত আছিল এই কিশোৰজন।

নিচা গ্ৰহণ কৰিবলৈকে বিচৰা ১০০০ টকা নিদিয়াৰ বাবেই এই ঘটনা সংঘটিত কৰিলে কিশোৰজনে। ইয়াৰ পাছতে এতিয়া এছ ডি আৰ এফ বাহিনীৰ এটা দলে নলাই নলাই কিশোৰটিৰ সন্ধানত আৰম্ভ কৰিছে অভিযান।

জানিব পৰা মতে ১৫ বছৰীয়া এই কিশৰজন নিচাযুক্ত দ্ৰব্য সেৱন কৰি প্ৰায়ে ঘৰৰ বাহিৰতে থাকে। কিন্তু শুকুৰবাৰে নিশা ঘৰলৈ আহি ১০০০ টকা বিচাৰিছিল। কিন্তু মাক-দেউতাকে সেই ধন নিদিয়াত পুৱাই ভনীয়েকৰ মোবাইলটো লৈ পলায়ন কৰে।

ইফালে পিছে পিছে দেউতাকে তাক ধৰিবলৈ দৌৰাত ৰাবিউল নামৰ ল'ৰাটোৱে অজন্তা পথৰ এটা নলাত জাঁপ দিয়ে। এই ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে।

পাছত আৰক্ষীৰ লগতে এছ ডি আৰ এফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইফালে পুৱা প্ৰায় ৮-৩০ বজালৈকে কিশোৰজনৰ হাতত থকা ভনীয়েকৰ ফোনলৈ মাকে ফোন কৰাত নলাটোৰে গৈ সি শিজুবাৰীৰ ওচৰত আছে বুলি কৈছিল যদিও উদ্ধাৰকাৰীয়ে শিজুবাৰীৰ ওচৰত কোনো সন্ধান নাপালে।

ফলত পুনৰ অজন্তা পথলৈ আহি নলাৰ শ্লেব আঁতৰাই উদ্ধাৰ অভিযান চলাই আছে। ৰাবিউলৰ হাতত থকা মোবাইলটোও এতিয়া বন্ধ হৈ পৰিছে। ইফালে যিটো স্থানত নলাত জাঁপ দিছিল তাত পানী বেছি নাই যদিও নলাটো যথেষ্ট গভীৰ।

গুৱাহাটীত পুৱাই অঘটনঃ নিচাযুক্ত দ্ৰব্য ক্ৰয় কৰিবলৈ ধন নিদিয়াৰ বাবেই নলাত জাপ দিলে কিশোৰে !
ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ আক্ৰমণঃ শিশুসহ ৭ জনৰ মৃত্যু, ৫৯ গৰাকী আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in