পুৰণি "কটনিয়ান"ৰ সংখ্যা কটন পৰিয়ালক অৰ্পণ...

"কটনিয়ান"ৰ পুৰণি সংখ্যা বিচাৰি ৰূপায়ণ কৰা হৈছিল এক অভিযান ।

author-image
Asomiya Pratidin
New Update
পুৰণি "কটনিয়ান"ৰ সংখ্যা কটন পৰিয়ালক অৰ্পণ...

ডিজিটেল ডেস্কঃ "কটনিয়ান"ৰ পুৰণি সংখ্যা বিচাৰি ৰূপায়ণ কৰা হৈছিল এক অভিযান । এই অভিযানৰ অংশস্বৰূপে সোমবাৰে কটন বিশ্ববিদ্যালয়( পূৰ্বৰ কটন কলেজ) ৰ বাৰ্ষিক আলোচনী "কটনিয়ান"ৰ ১৯৪৪-৪৫ৰ সংখ্যাটো উক্ত বৰ্ষৰ সম্পাদক আব্দুছ চাত্তাৰৰ নাতিনী চালমা ইয়াছমিনে আব্দুছ চাত্তাৰৰ পুত্ৰদ্বয় চালেক আহমেদ আৰু আদিব আহমেদৰ হৈ কটন পৰিয়ালক আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে। ড০ সূৰ্য্য কুমাৰ ভূঞা পুথিভঁৰালৰ ভাৰপ্ৰাপ্ত গ্ৰন্থগাৰিক ড০সুৰেশ কুমাৰ নাথে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হৈ ২১ সংখ্যক "কটনিয়ান"খন গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, "কটনিয়ান"ৰ উক্ত সংখ্যাটো ইয়াৰ পূৰ্বে সংৰক্ষিত হৈ থকা নাছিল। এই কাৰ্য্যসূচীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ইৰছাদ আলী, "কটনিয়ান" ৰ বৰ্তমানৰ তত্ত্বাৱধায়ক ড০ প্ৰসূন বৰ্মন আৰু "কটনিয়ান"ৰ বৰ্তমানৰ সম্পাদক অংকুৰজ্যোতি শৰ্মাই অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু কিছুসংখ্যক শিক্ষাৰ্থীও উপস্থিত থাকে। "কটনিয়ান"ৰ বৰ্তমানৰ সম্পাদক অংকুৰজ্যোতি শৰ্মাই এই অভিযানত সহায় সহযোগিতা আগবঢ়োৱা অসমৰ ছপা সংবাদ মাধ্যমৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে কোনো লোকৰ বা অনুষ্ঠানৰ সংগ্ৰহত পুৰণি "কটনিয়ান"ৰ সংখ্যা সংৰক্ষিত হৈ থাকিলে তেওঁৰ সৈতে বা ড০ সূৰ্য্য কুমাৰ ভূঞা পুথিভঁৰালৰ সৈতে যোগাযোগ কৰিবলৈ এক প্ৰেছ বিজ্ঞপ্তিযোগে অনুৰোধ জনাইছে। উল্লেখযোগ্য যে, "কটনিয়ান"ৰ বছৰজোৰা শতবৰ্ষ (২০২২-২৩) উপলক্ষে এই অভিযান ৰূপায়ণ কৰা হৈছে।

Also Read: নলবাৰী জিলা বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ...

cotton univeristy cottonian