বজাৰ কৰিবলৈ যাওতেই প্ৰতিদিন টাইমৰ সাংবাদিকৰ ঘৰত চোৰৰ চাফাই অভিযান...

বজাৰ কৰিবলৈ যাওতেই প্ৰতিদিন টাইমৰ সাংবাদিকৰ ঘৰত চোৰৰ চাফাই অভিযান...

author-image
Asomiya Pratidin
New Update
বজাৰ কৰিবলৈ যাওতেই প্ৰতিদিন টাইমৰ সাংবাদিকৰ ঘৰত চোৰৰ চাফাই অভিযান...

ডিজিটেল ডেস্কঃ সুৰক্ষিত নহয় মহানগৰবাসী। চিলনী চোৰ, মোবাইল চোৰৰ দৌৰাত্ম্যৰ মাজতে গৃহস্থ নথকা ঘৰত প্ৰৱেশ কৰি চোৰে চলাই গৈছে চাফাই অভিযান।

 আজি চোৰৰ তেনে এক চাফাই অভিযান চলিল প্ৰতিদিন টাইমৰ সাংবাদিক গৌতম শৰ্মাৰ ভাড়া ঘৰত। গুৱাহাটীৰ দক্ষিণ শৰণীয়াত থকা ভাড়া ঘৰত সন্ধিয়াৰ ভাগত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলালে চাফাই অভিযান।

 জানিব পৰা মতে সাংবাদিকগৰাকীৰ ভাড়া ঘৰত থকা সোণৰ অলংকাৰ, নদগ ধনকে ধৰি বহু গুৰুত্বপূৰ্ণ সামগ্ৰী লৈ উধাও হৈছে চোৰৰ দলটোৱে।

 উল্লেখ্যে যে, পত্নী, কন্যাৰ সৈতে সন্ধিয়াৰ ভাগত বজাৰ কৰিবলৈ ওলাই যাওতেই সংঘটিত হৈছে এই চুৰি কাৰ্য। এই সমগ্ৰ চোৰাং কাৰ্য সংঘটিত কৰিবলৈ চোৰে ল'লে মাত্ৰ আধা ঘণ্টা সময়।

Also Read: নতুন দিল্লীত সৰ্বানন্দ সোণোৱালৰ মে-ডাম-মে-ফী উদযাপনঃ থাইলেণ্ডৰ ৰাষ্ট্ৰদূতৰ অংশগ্ৰহণ...

চোৰ প্ৰতিদিন টাইম