তিব্বত পৰ্লিয়ামেণ্টৰ সদস্যৰ সৈতে ভাৰত তিব্বত সংঘ, অসম প্ৰান্তৰ বৈঠক...

তিব্বত পৰ্লিয়ামেণ্টৰ সদস্যৰ সৈতে ভাৰত তিব্বত সংঘ, অসম প্ৰান্তৰ বৈঠক...
তিব্বত পৰ্লিয়ামেণ্টৰ সদস্যৰ সৈতে ভাৰত তিব্বত সংঘ, অসম প্ৰান্তৰ বৈঠক...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ উত্তৰ পূব ভ্ৰমণৰত থকা তিব্বত পাৰ্লিয়ামেণ্টৰ সদস্য খেনপো জামফেল টেনজিং (Khenpo Jamphel Tenzin) আৰু ফুৰুপা দৰ্জেই (Phurpa Dorjee) ভাৰত তিব্বত সংঘ, অসম প্ৰান্তৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। পি ডব্লিউ ডি কনভকেচন চেণ্টাৰত অনুষ্ঠিত হৈ যোৱা উক্ত বৈঠকত ভাৰত- তিব্বত চৰকাৰৰ সহযোগী সমন্বয়ক তাশী ডিকেই (Tashi Dekyi), ভাৰত তিব্বত সংঘৰ অসম প্ৰান্তৰ সভানেত্ৰী অলকা পাটোৱাৰী, উপ-সভানেত্ৰী কৃষ্ণা নাথ , সাধাৰণ সম্পাদিকা দীক্ষিতা পুৰকায়স্থ, যুৱ প্ৰান্তৰ সাধাৰণ সম্পাদক জিণ্টোমণি বৰুৱা , গুৱাহাটী প্ৰান্তৰ অধ্যক্ষ হেমেন শৰ্মা, জোষ্ঠ সদস্য অক্ষয় ৰাজখোৱা, সংবাদ বিভাগৰ অধ্যক্ষ বিশ্বজিত হাজৰিকা উপস্থিত আছিল।

বৈঠকত তিব্বত পাৰ্লিয়ামেণ্টৰ সদস্যদ্বয়ে কয়, তিব্বতীসকলৰ প্ৰাচীন কালৰে পৰাই ভৌগোলিক আৰু সাংস্কৃতিকভাবে ভাৰতবৰ্ষৰ লগত জড়িত। ভাষণ প্ৰসংগত নেতাদ্বয়ে দীৰ্ঘদিন ধৰি চীন প্ৰশাসনে তিব্বতী সকলৰ ওপৰত চলাই অহা দমন মূলক নীতিৰ সম্পৰ্কে অৱগত কৰি কয় চীনৰ শোষণমূলক নীতিয়ে তিব্বতীসকলক নিজ ভূমিতে সংখ্যালঘুত পৰিণত কৰিছে।

তিব্বতৰ বহু উচ্চ অংশত চীনে ব্যাপক হাৰত নদীবান্ধ নিৰ্মাণ কৰি থকাৰ কথা সদৰী কৰি নেতাদ্বয়ে কয় পৃথিৱীৰ অন্যতম উচ্চ ভূমিত এনেদৰে বান্ধ নিৰ্মানে বিশ্বৰ ভৌগোলিক ক্ষেত্ৰৰ প্ৰতিও চীনে ভাবুকি কঢ়িয়াই আনিছে। তিব্বতীসকলৰ দীৰ্ঘদিনীয়া সংগ্ৰামত ভাৰতবৰ্ষই পূৰ্বৰ পৰাই সমৰ্থন জনাই আহিছে বুলি প্ৰকাশ কৰি তেঁওলোকে লগতে কয় যে, ভাৰতবৰ্ষই তিব্বতীসকলৰ একমাত্ৰ ভৰষা। আমাৰ সংগ্ৰামত প্ৰতিজন ভাৰতীয়ৰ সমৰ্থনৰ প্ৰয়োজন।

তিব্বত পৰ্লিয়ামেণ্টৰ সদস্যৰ সৈতে ভাৰত তিব্বত সংঘ, অসম প্ৰান্তৰ বৈঠক...
লৃগাংত বন্ধ বিতৰ্ক সন্দৰ্ভত গোগামুখত মিচিং জাতীয় সংগঠনৰ যৌথ সংবাদমেল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in