ডিজিটেল ডেস্কঃ ৰাজ্যত সংঘটিত হোৱা ট্ৰেডিং কেলেংকাৰীৰ সকলো গোচৰ চি বি আইৰ হাতলৈ যোৱাৰ পাছতে ইতিমধ্যে আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া। ইতিমধ্যে এই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়াৰ বাবেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চুমি বৰা, বিশাল ফুকন আৰু তাৰ্কিক বৰাক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ।
তাৰোপৰি পূৰ্বৰে পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে কাৰাৰুদ্ধ হৈ আছে আন কেইবাজনো ট্ৰেডিং কেলেংকাৰীৰে জড়িত। তাৰে ভিতৰত অন্যতম স্বপ্ননীল দাস। টি এফ এ এল নামৰ এটা ট্ৰেডিং প্ৰশিক্ষণ প্ৰতিষ্ঠান খুলি প্ৰশিক্ষণ প্ৰদান কৰা স্বপ্ননীলৰ বিৰুদ্ধেও উত্থাপিত হৈছিল কেলেংকাৰীৰ অভিযোগ।
এই অভিযোগতে কাৰাগাৰত থকা স্বপ্ননীল দাসক চি বি আইয়ে নিজৰ জিম্মাত লৈছে। আদালতত হাজিৰ কৰোৱাই স্বপ্ননীলক ৩ দিনৰ বাবে নিজৰ জিম্মাত লৈছে চি বি আইয়ে।
স্বপ্ননীলৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত ৰুজু হৈছিল ৯৩৪/২৪ নম্বৰত এক গোচৰ। এই গোচৰতে নিজৰ জিম্মাত লৈ ইতিমধ্যে আৰক্ষীয়ে জেৰাও কৰিছিল। জেৰাত পোৱা সকলো তথ্যও চি বি আইলৈ হস্তান্তৰ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, আজি আদালতত হাজিৰ কৰোৱা হ'ব ট্ৰেডিং কেলেংকাৰীৰ মহানায়ক দীপাংকৰ বৰ্মনক। গোৱাত গ্ৰেপ্তাৰ কৰা দীপংকৰক ট্ৰাঞ্জিত ৰিমাণ্ডত লৈ গুৱাহাটীলৈ আনিছিল আৰক্ষীয়ে। আজি সেই ট্ৰাঞ্জিত ৰিমাণ্ডৰ ম্যাদ শেষ হ'ব।
Also Read: দীঘলীপুখুৰীৰ পাৰৰ পুৰণি গছ সমূহ নকটাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ