ডিজিটেল ডেস্কঃ ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা ঘটনাই এটাৰ পাছত এটাকৈ বহু বিস্ফোৰক তথ্য পোহৰলৈ আনিছে। বিজেপি নেত্ৰীগৰাকীৰ আত্মহত্যাৰ মূল কাৰণ ফটো ভাইৰেল সম্পৰ্কে তদন্ত কৰিবলৈ গৈ আৰক্ষীয়ে বিচাৰি পাইছে আন এক ক'লা অধ্যায়।
কিদৰে বিজেপিৰ একাংশ নেতাই ৰাজ্যত ক্ষমতাত থকাৰ বলতেই চাকৰিৰ এখন ক'লা বজাৰ মেলি লৈছিল সেই কথা এতিয়া লাহে লাহে পোহৰলৈ আহিছে। উল্লেখ্য যে, ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰে দ্বীবন ডেকাৰ নাম সাঙোৰ খোৱাৰ পাছতে সমগ্ৰ ঘটনাই লৈছিল অন্য মূৰ।
এছ আই কেলেংকাৰীৰে জে'ললৈ যোৱা দ্বীবন ডেকাই ইন্দ্ৰাণী তহবিলদাৰৰ অন্তৰংগ মুহূৰ্তৰ ফটো মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ প্ৰেৰণ কৰাৰ পাছতে এই ফটো ভাইৰেল হৈছিল বুলিও অভিযোগ উঠিছিল। কিন্তু এতিয়া বিজেপি নেত্ৰীগৰাকীৰ আত্মহত্যাৰ সৈতে জড়িত হৈ পৰিছে চাকৰিৰ এখন ক'লা বজাৰ।
এই বজাৰখনৰ সৈতে সম্পৰ্ক বিচাৰি পাইছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰো নাম। যাৰ বাবে এতিয়া চানমাৰি আৰক্ষী থানলৈ আহিবলগীয়া হৈছে এজনৰ পাছত আন এজন নেতা।
আজি বিজেপিৰ দুই কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে সঞ্জীৱ শৰ্মা আৰু কপিল তালুকদাৰক তলব কৰিছিল আৰক্ষীয়ে। সেই অনুসৰিয়েই দুই বিজেপি আহি চানমাৰি আৰক্ষী থানাত উপস্থিত হৈছে।
একেদৰে আন বহু কেইজন বিজেপি নেতাকো চানমাৰি আৰক্ষীয়ে তলব কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ইন্দ্ৰাণী তহবিলদাৰৰ ঘনিষ্ঠ অনুৰাগ চলিহাৰ অন্তৰংগ ফটো ভাইৰেল হৈছিল।
অনুৰাগ চলিহাই বহু লোকৰ পৰা চাকৰি আৰু অন্যান্য চৰকাৰী সুযোগ, সুবিধা দিয়াৰ নামত সংগ্ৰহ কৰিছিল ধন। কিন্তু সময়ত চাকৰি আৰু সেই সুযোগ, সুবিধা দিব নোৱাৰাত অনুৰাগ চলিহাক দিয়া ধন ঘূৰাই বিচাৰিছিল।
তাৰ মাজতে অভিমন্যু দাস নামৰ এজন যুৱকে অভিমন্যু দাসৰ পৰা ধন ঘূৰাই বিচাৰি মাৰধৰ কৰি তেওঁৰ আইফোনটোও কাঢ়ি লৈছিল। সেই আইফোনটোতে আছিল ইন্দ্ৰাণী আৰু অনুৰাগৰ অন্তৰংগ ফটো।
Also Read: ১৯৪২ ৰ ২০ আগষ্টৰ গৌৰৱোজ্বল ইতিহাস স্মৰণেৰে চতিয়া দিৱস উদযাপন...