ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক বিক্ষিপ্ত ঘটনা। হাতীগাওঁ থানাৰ আলহী হ'ল দুই সুন্দৰী যুৱতী। যুৱতী দুগৰাকীৰ বিৰুদ্ধে অভিযোগ মাৰপিটত লিপ্ত হোৱাৰ।
জানিব পৰা মতে এগৰাকী উবেৰ চালকক দুই যুৱতীয়ে সামান্য কথাতে মাৰধৰ কৰে। তেওঁলোকে উবেৰ চালকক বাহনখন ৰখাবলৈ কৈছিল যদিও ন' পাৰ্কিং হোৱাৰ বাবে বাহনখন সেই স্থানত নৰখালে।
ফলত দুই যুৱতীয়ে অশ্লীল গালি-গালাজেৰে চালকজনক ধৰি মাৰপিট কৰে। দুই যুৱতীৰ এনে আক্ৰমণত আহত হয় চালক ফিৰদোচ আলী।
এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে তেওঁলোকক আবদ্ধ কৰি হাতীগাওঁ আৰক্ষীক অৱগত কৰে। ইয়াৰ পাছতে হাতীগাওঁ আৰক্ষী থানাৰ আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈ দুই যুৱতীৰ লগতে চালকজনকো আটক কৰি থানালৈ লৈ যায়।
Also Read: পাটছাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন...