মা কামাখ্যাৰ পূণ্যভূমিত উপস্থিত হ'বলৈ পাই মই ধন্য মানিছোঁ : কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী

আনৰ মুখত হাঁহি বিৰিঙাব পৰাটো বৰ ডাঙৰ কথা, এই ক্ষেত্ৰত জয়ন্ত বৰুৱাদেৱ এগৰাকী নিদৰ্শন
মা কামাখ্যাৰ পূণ্যভূমিত উপস্থিত হ'বলৈ পাই মই ধন্য মানিছোঁ : কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী
Published on
Updated on

ডিজিটেল ডেস্ক : 'মা কামাখ্যাৰ পূণ্যভূমিত উপস্থিত হ'বলৈ পাই মই ধন্য মানিছোঁ। মোৰ বাবে জয়ন্ত বৰুৱাৰ সান্নিধ্য এয়েই নহয় যে প্ৰতিদিন কাকতৰ চৰ্কুলেচন কিমান, মোৰ বাবে তেওঁ এই কাৰণে বিশেষ যে, তেওঁৰ কাকত গোষ্ঠী, মহিলাসকলৰ বাবে প্ৰকাশিত আলোচনী নন্দিনী আৰু জাতি আৰু দেশৰ প্ৰতি থকা তেওঁৰ দায়ৱদ্ধতাই মোক আকৰ্ষণ কৰে।'

সাদিন-প্ৰতিদিন গোষ্ঠীয়ে আয়োজন কৰা এচিভাৰ এৱাৰ্ডছ-২৩ত মুখ্য অতিথিৰূপে উপস্থিত থাকি এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। শুকুৰবাৰে এক গাম্ভীৰ্য পৰিৱেশত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃত অনুষ্ঠিত হয় এচিভাৰ এৱাৰ্ডছ-২৩ শীৰ্ষক অনুষ্ঠান। সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰণ্য ব্যক্তিসকলে বিশেষভাৱে আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে আয়োজন কৰা হয় এই অনুষ্ঠানৰ।

উক্ত অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সাদিন- প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই প্ৰকাশ কৰা দ্বিভাষিক ব্ৰেইল হেমকোষ অভিধান এক মাইলৰ খুঁটিসদৃশ।

আনৰ মুখত হাঁহি বিৰিঙাব পৰাটো বৰ ডাঙৰ কথা, এই ক্ষেত্ৰত জয়ন্ত বৰুৱাদেৱ এগৰাকী নিদৰ্শন। উল্লেখ্য যে উক্ত অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। ইয়াৰোপৰি বিভিন্ন দল-সংগঠন, ৰাজনৈতিক ক্ষেত্ৰৰ মন্ত্ৰী- বিধায়ক, শৈক্ষিক ক্ষেত্ৰৰ ভালেকেইগৰাকী শিক্ষাবিদ তথা বিভিন্ন লোক উপস্থিত থাকে।

মা কামাখ্যাৰ পূণ্যভূমিত উপস্থিত হ'বলৈ পাই মই ধন্য মানিছোঁ : কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী
এচিভাৰ এৱাৰ্ডছৰ মঞ্চত মহানুভৱতা প্ৰকাশ পালে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি জুবিন ইৰাণীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in