বটদ্ৰৱাত নজিৰ বিহীন ঘটনা : ভকত-বৈষ্ণৱে আগবঢ়োৱা অৰিহণা ১৫ শতাংশ কমিছনত ক্ৰয় কৰা অভিযুক্তক ৰাইজে ধৰি বান্ধি ঘটালে আৰক্ষীক

বটদ্ৰৱাত নজিৰ বিহীন ঘটনা : ভকত-বৈষ্ণৱে আগবঢ়োৱা অৰিহণা ১৫ শতাংশ কমিছনত ক্ৰয় কৰা অভিযুক্তক ৰাইজে ধৰি বান্ধি ঘটালে আৰক্ষীক
Published on
Updated on

ডিজিটেল সংবাদ, গুৱাহাটী : বটদ্ৰৱাত সংঘটিত হোৱা এক ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ প্ৰণামী বাকচত থকা ২বস্তা মুদ্ৰা নিশা গোপনে ৰইছ উদ্দিন নামৰ এজন ব্যক্তিক বিক্ৰী কৰাক কেন্দ্ৰ কৰি শনিবাৰৰ নিশা উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

পূৰ্বৰে পৰা আৰ্থিক অনিয়ম, দুৰ্নীতি, থানৰ সংবিধান অৱমাননা আদিৰে বাতৰি শিৰোনামা দখল কৰি আহিছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে। সমিতিৰ কাৰ্যকলাপত অতিষ্ঠ হৈ যোৱা ৯ মে'ত অনুষ্ঠিত সাধাৰণ সভাত ভকত বৈষ্ণৱ আৰু ৰাইজে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি সমিতিখন ভংগ কৰিছিল।

পৰৱৰ্তীকালত ৰাইজৰ আদেশ নামানি পুৰণি সমিতিয়ে ন্যায়লয়ৰ দ্বাৰস্থ হৈ পুনৰ ২৪ ছেপ্তেম্বৰত দ্বায়িত্বভাৰ গ্ৰহণ কৰে। তাৰ পাছতে শনিবাৰৰ নিশা জুৰিয়া থানাৰ অন্তৰ্গত মেলেকা ধিঙৰ ৰইছ উদ্দিন নামৰ এজন লোকক থান পৰিচালনাৰে জড়িত প্ৰণামী বাকচৰ দুইবস্তা মুদ্ৰা নিশা গোপনে বিক্ৰী কৰে।

ইয়াকেলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বটদ্ৰৱাত। নিশা ৰইছ উদ্দিনে মুদ্ৰাখিনি লৈ যোৱাৰ সময়তে বাটত স্থানীয় ৰাইজে পাই তেঁওক সোধা- পোছা কৰে। ৰাইছ উদ্দিনৰ মুখৰ পৰা ঘটনাৰ সবিশেষ জানিব পাৰি ৰাইজ উত্তেজিত হৈ পৰে।

লগে লগে আকাশী গংগাৰ পাৰত ৰাইজ সমবেত হৈ আৰক্ষীক খবৰ দিয়ে। ৰহস্যজনক কথা যে ৰাইছ উদ্দিনে থানৰ লগত জড়িত এজন লোকক ১৫ শতাংশ কমিছনত দি এই মুদ্ৰাখিনি আনিছো বুলি স্বীকাৰ কৰে। ন্যায়লয়ৰ দ্বাৰা আৰ্থিক লেন-দেন বন্ধ থকাৰ সময়ত নিশাৰ আন্ধাৰত আকাশী গংগাৰ পাৰৰ নিৰ্জন পথেৰে থানৰ অৰিহণাৰ মুদ্ৰা বিক্ৰী কৰা কাৰ্যকলৈ ৰাইজ হতবাক হৈ পৰে।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বটদ্ৰৱাৰ স্থানীয় ৰাইজে আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে, যোৱা ১৭ জুলাইতো থানৰ প্ৰণামী বাকচৰ ধন হৰলুকি কৰা বুলি ৰাইজে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।

বটদ্ৰৱাত নজিৰ বিহীন ঘটনা : ভকত-বৈষ্ণৱে আগবঢ়োৱা অৰিহণা ১৫ শতাংশ কমিছনত ক্ৰয় কৰা অভিযুক্তক ৰাইজে ধৰি বান্ধি ঘটালে আৰক্ষীক
বিহালীৰ কেইবাটাও অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ : মূৰে-কপালে হাত দিছে কৃষকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in