ডিজিটেল ডেস্ক : জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ এখন বিশেষ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে।বৈঠকখনত বিগত সময়ৰ বিভাগীয় কামসমূহৰ পৰ্যালোচনা কৰাৰ লগতে চলিত বৰ্ষত কৰিব লগা বিভিন্ন কামৰ বিষয়ে আলোচনা কৰা হয়।
মথাউৰি নিৰ্মাণ আৰু আন সুৰক্ষা ব্যৱস্থাৰ কামসমূহ কেনেধৰণৰ আঁচনিৰ অধীনত কৰা হ’ব সেই বিষয়ে আজি আলোচনা কৰাৰ লগতে প্ৰকল্পসমূহৰ আনুমানিক ব্যয়ৰ প্ৰাককলন প্ৰস্তুত বিষয়তো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে উপস্থিত থকা মুখ্য অভিযন্তা আৰু আন বিভাগীয় অভিযন্তাসকলক উদ্দেশ্যি কয় যে প্ৰাককলন প্ৰস্তুতৰ ক্ষেত্ৰত যাতে চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰ হয় আৰু অনাহকতে অধিক টকাৰ প্ৰাককলন প্ৰস্তুত কৰা নহয় তাৰ ওপৰত যাতে সকলোৱে গুৰুত্ব প্ৰদান কৰে।
আজিৰ বৈঠকতে এই বৰ্ষত মথাউৰিসমূহ বহল কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব বুলি আলোচনা কৰি মাথো শেহতীয়াকৈ ওপৰেৰে নদীৰ পানী বৈ যোৱা মথাউৰিৰ অংশসমূহ ওখ কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। বিভাগীয় অভিযন্তাসকলক সম্বোধন কৰি মন্ত্ৰী হাজৰীকাই কয় যে পৰিকল্পিত মথাউৰি আৰু শ্লুইছগেটে অঞ্চলসমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
বিগত সময়ত লাহৰীঘাটত নিৰ্মাণ কৰা মথাউৰি আৰু শ্লুইছ্ গেটে একোটা বৃহত্তৰ অঞ্চলক বানৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ ফলত মৰিগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চলৰ লোকৰ বাবে এতিয়া কৃষি-কৰ্ম সহজ হৈ পৰা বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে । লগতে বিগত সময়চোৱাত মাজুলীত নিৰ্মিত প্ৰায় ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিয়ে এক বৃহৎ অঞ্চলত কৃষি-কৰ্ম সূচল কৰি তুলিছে বুলিও তেওঁ উল্লেখ কৰে ।
এনেদৰে মথাউৰি আৰু শ্লুইছগেটসমূহ পৰিকল্পিতভাৱে সম্পূৰ্ণ কৰি তোলাৰ ফলত অঞ্চলসমূহৰ অৰ্থনৈতিক উন্নয়ন দ্ৰুত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই এই বৰ্ষও ইয়াৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পিতভাৱে মথাউৰি আৰু শ্লুইছ গেট নিৰ্মাণৰ প্ৰকল্প প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে । আনহাতে বিভাগীয় কামৰ মানৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰিবলৈ অভিযন্তাসকলক নিৰ্দেশনা প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কামত গাফিলতি কৰা ঠিকাদাৰসকলৰ ক্ষেত্ৰত প্ৰয়োজনসাপেক্ষে কঠোৰ হ’বলৈও আহ্বান জনায়।
Also Read: দেশৰ ৫০৮ টা ৰে'লৱে ষ্টেচনক অমৃত ভাৰত ষ্টেচনৰ ৰূপ দিব কেন্দ্ৰই, আছে অসমৰো নাম