ডিজিটেল ডেস্কঃ স্মাৰ্ট চিটি গুৱাহাটী মহানগৰীত দৈনিক বৃদ্ধি পোৱা যান-বাহনৰ প্ৰকোপত খোজ কাঢ়ি ইঠাইৰ পৰা সিঠাইলৈ যাব খোজা প্ৰতিজন লোকেই সহায় লয় পদপথৰ । পিছে এই পদপথেদিয়ো মুকলি মনেৰে খোজ কঢ়াত বহু সময়ত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে একাংশ পথচাৰী।
কিয়নো মহানগৰীৰ পথসমূহৰ পদপথৰ কাষেৰে ঠায়ে ঠায়ে বহু স্থানত বিদ্যুৎ পৰিবাহী খুঁটা পুতি থৈছে বিভাগীয় কৰ্তৃপক্ষই । পদপথৰ এক তৃতীয়াংশ আগুৰি ৰাখে বৈদ্যুতিক ট্ৰান্সফৰ্মাৰে । ফলত সেই পদপথেদি খোজ কাঢ়ি যোৱাটো অতিকে বিপদজনক হৈ পৰে । ইয়াৰ কাষেৰে পাৰ হ'বলৈয়ো বিদ্যুতৰ খুঁটাৰে আৱৰি ৰখাৰ ফলত খোজ কাঢ়ি যাব নোৱাৰি সাধাৰণ ৰাইজে যান-জঁটৰ ভিৰৰ মাজত ৰাস্তাৰে বাট ল'ব লগা হয় ।
মহানগৰীৰ জু-ৰোড, চান্দমাৰী আদি জনবহুল ঠাইসমূহকে ধৰি বিভিন্ন ৰাস্তাসমূহৰ কাষতে থকা পদপথৰ আধা অংশ নাইবা পদপথৰ মাজতে এই বিদ্যুৎ পৰিবাহী ট্ৰান্সফৰ্মাৰ সংস্থাপন কৰাৰ দৃশ্য তেনেই সুলভ । তাঁৰ নগৰীত পৰিণত হোৱা মহানগৰীৰ এনে দৃশ্যই সচেতন নাগৰিকসকলক শংকিত কৰি তুলিছে ।
কিয়নো ইয়াৰ পূৰ্বেও গণেশগুৰিত বিদ্যুৎ পৰিবাহী খুঁটাৰ চেপাত এজন লোকৰ মৃত্যু হৈছিল। পুনৰ এনে ঘটনাই সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাইছে, যাৰ ফলত পদপথত খোজ কাঢ়িবৰ বাবে শংকিত হৈ পৰিছে নাগৰিক।
Also Read: গুৱাহাটীৰ দোকানে দোকানে অৰা নেমু, জলকীয়াৰ মালাক লৈ কোটি টকীয়া বেহাৰ চিণ্ডিকেট...