কেবিনেটত ইমান খানা কিয় যোগাৰ কৰা হৈছিলঃ নলবাৰীৰ আয়ুক্তক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ...

কেবিনেটত ইমান খানা কিয় যোগাৰ কৰা হৈছিলঃ নলবাৰীৰ আয়ুক্তক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ...

Published on

ডিজিটেল ডেস্কঃ সকলোতে অতিপাত বেছি বেয়া। তেনে অৱস্থাই হ’ল এতিয়া নলবাৰী প্ৰশাসনৰ। কেবিনেট বৈঠকত নানান ব্যঞ্জনৰ যোগাৰ কৰি এতিয়া মুখ্যমন্ত্ৰীৰ ৰোষত পৰিছে নলবাৰীৰ জিলা প্ৰশাসন। শেহতীয়াকৈ নলবাৰী আয়ুক্তলৈ পত্ৰযোগে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে যে, কেবিনেট বৈঠকৰ বাবে সাধাৰণ নিৰামিষ আহাৰ যোগাৰ কৰিবলৈ কোৱাৰ পাছতো এনে বিশাল আয়োজন কিয় কৰা হল?

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লগতে ২৮জুন, ২০২৪ত প্ৰেৰণ কৰা CMO.1/2024/4560 নম্বৰৰ পত্ৰখনত লিখিছে যে, মই বাৰে বাৰে কোৱাৰ পাছতো খোৱাৰ নামত ইমান বৰ্ণাধ্য আয়োজনৰ প্ৰয়োজন হয়তো নাছিল। এই কাৰ্যৰ বাবে মই লজ্জিত আৰু আপুনি কিয় এনে কাম কৰিলে তাৰ সদোত্তৰ দিব লাগিব। নলবাৰী আয়ুক্তৰ নামত প্ৰেৰণ কৰা এই পত্ৰখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাক্ষৰো আছে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ২৭জুন, ২০২৪ত নলবাৰীত আয়োজন কৰা এই কেবিনেট বৈঠকৰ বাবে প্ৰায় ১৬বিধ ভিন্ন ধৰণৰ ব্যঞ্জন ৰন্ধা হৈছিল। এই ব্যঞ্জন বোৰৰ ভিতৰত আছিল প্লেইন ৰাইচ, জিৰা আৰু পোলাও। ইয়াৰ বিপৰীতে ছাগলীৰ মাংস, মিছা মাছ ভজা, আদা দিয়া সৰু মাছৰ লগতে কাৱৈ আৰু মাগুৰ মাছৰ আঞ্জাও ৰন্ধা হৈছিল।

চিকেন চুপৰ লগতে মাহৰ দাইলৰ লগত খাহিৰ তেল, দাইল, কলফুল ভাজি, ঢেকীঁয়া ভাজি, কল পছলা, সৰু আলু ভাজি, বৰা ভাজি, আলু পিটিকা, পদিনা চাটনি, তিলৰ চাটনি, অমিতা খাৰ, চালাদ, মিঠা দৈ আৰু গোলাপ জামুনো আছিল এই খাদ্যৰ তালিকাত। কেবিনেট বৈঠকৰ এই তালিকা দেখি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ৰাজ্যজুৰি প্ৰতিক্ৰিয়া দেখাৰ অন্তত ২৮জুনত মুখ্যমন্ত্ৰীয়ে জবাবদিহি কৰিলে নলবাৰী আয়ুক্তক। অৱশ্যে সচেতন মহলে আকৌ প্ৰশ্ন কৰিছে যে, ২৭জুনত উদৰ পুৰাই মন্ত্ৰীসকলে এই খাদ্য খাই আহি ২৮জুনত ৰাইজৰ প্ৰতিক্ৰিয়া দেখি এই নিয়মফাঁকিক জাননী প্ৰেৰণ কৰা হৈছে নেকি?

কেবিনেটত ইমান খানা কিয় যোগাৰ কৰা হৈছিলঃ নলবাৰীৰ আয়ুক্তক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ...
দুই নম্বৰী 'নম্বৰ'...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in