ভয়াৱহ পথ দুৰ্ঘটনাত মহিলা নিহত : বশিষ্ঠত ৰাইজৰ প্ৰতিবাদ

ভয়াৱহ পথ দুৰ্ঘটনাত মহিলা নিহত : বশিষ্ঠত ৰাইজৰ প্ৰতিবাদ
Published on
Updated on

ডিজিটেল ডেস্ক : মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়। AS-01 LC 3955 নম্বৰৰ ডাম্পাৰে মহটিয়াই নিয়াৰ ফলত থিতাতে মহিলাগৰাকীয়ে অকাল মৃত্যুক আঁকোৱালি লয়। অৱশ্যে এতিয়ালৈকে নিহত মহিলাগৰাকীৰ পৰিচয় সন্দৰ্ভত জানিব পৰা হোৱা নাই।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন চালকৰ সৈতে জব্দ কৰি স্থানীয় ৰাইজে বশিষ্ঠ থানাৰ আৰক্ষীক গতাই দিয়ে। আনহাতে দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষী আৰু এম্বুলেন্সক খবৰ দিয়ে যদিও যথা সময়ত আহি নোপোৱাৰ অভিযোগ তুলিছে। ইফালে দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাৱ্যস্ত কৰে।

ভয়াৱহ পথ দুৰ্ঘটনাত মহিলা নিহত : বশিষ্ঠত ৰাইজৰ প্ৰতিবাদ
ধেমাজি জিলা বিজেপিৰ নতুন সভানেত্ৰী ৰূপা কামানক আদৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in