ডিজিটেল ডেস্ক : অসম চৰকাৰৰ একাংশ চৰকাৰী কৰ্মচাৰীয়ে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত ৰাজ্যৰ বিভিন্ন স্থানত ২দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। সদৌ অসম নতুন পেঞ্চনধাৰী চৰকাৰী কৰ্মচাৰী সংস্থাৰ আহ্বানত ২২ আৰু ২৩ আগষ্টত কৰ্মবিৰতি কাৰ্যসূচীৰ ঘোষণা কৰা হয়। সেয়ে এই আহ্বানৰ প্ৰতি অসম কলেজ শিক্ষক সন্থাই পূৰ্ণ সমৰ্থন আগবঢ়ায়।
সেয়েহে অসম কলেজ শিক্ষক সন্থাৰ অন্তৰ্ভুক্ত গোট হিচাপে ঐতিহ্য়মণ্ডিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়তো কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জানিব পৰামতে শিক্ষক গোটৰ সমূহ সদস্যই বুধবাৰে সক্ৰিয় অংশগ্ৰহণেৰে অসমৰ চৰকাৰী শিক্ষক - কৰ্মচাৰী সমাজৰ অৱসৰকালীন সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা (OPS) পুন: প্ৰৱৰ্তনৰ দাবীত কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে।
Also Read: নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ৰাজ্যজুৰি কৰ্মচাৰীৰ কর্মবিৰতিলৈ আপৰ পূৰ্ণ সমর্থন