প্ৰতি ৪ গৰাকী ব্যক্তিৰ এগৰাকী আক্ৰান্ত হয় ষ্ট্ৰ'কত...

প্ৰতি ৪ গৰাকী ব্যক্তিৰ এগৰাকী আক্ৰান্ত হয় ষ্ট্ৰ'কত...
প্ৰতি ৪ গৰাকী ব্যক্তিৰ এগৰাকী আক্ৰান্ত হয় ষ্ট্ৰ'কত...
Published on
Updated on

ডিজিটেল সংবাদ গুৱাহাটীঃ বিশ্ব ষ্ট্ৰ'ক দিৱস উপলক্ষে জন সচেতনতা সৃষ্টিৰ উদ্দেশ্যে জিএনআৰচি হাস্পতালৰ দিছপুৰ চৌহদত আজি এখন সংবাদমেলৰ আয়োজন কৰা হয়। এই সংবাদমেলত জিএনআৰচি ষ্ট্ৰ'ক কেয়াৰ দলটো উপস্থিত থাকে আৰু তেওঁলোকে ৰাইজক সুস্থ আৰু সবলভাবে জীৱন নির্বাহ কৰাৰ লগতে ষ্ট্ৰ'কৰ লক্ষণ আৰু কাৰকসমূহ, ইয়াৰ চিকিৎসাৰ বিভিন্ন দিশৰ বিষয়েও অৱগত কৰে।

সমগ্র বিশ্বতে ষ্ট্ৰ'ক মৃত্যুৰ এক প্রধান কাৰক। যোৱা ৩৭ বছৰে ৫০ হাজাৰতকৈও অধিক ষ্ট্ৰ'ক ৰোগীৰ চিকিৎসাৰ অভিজ্ঞতাৰে জিএনআৰচি হাস্পতাল সমৃদ্ধ।

ষ্ট্ৰ'কৰ লক্ষণসমূহক ইংৰাজীত চমুকৈ F.A.S.T বুলি কোৱা হয়। অসমীয়াত ইয়াৰ ভাঙনি হ'ল- মুখখন এফালে বেঁকা হৈ যোৱা (Face Drooping), বাহু দুর্বল হোৱা (Arm Weakness), কথা লাগি ধৰা (Speech Slurred) আৰু এম্বুলেঞ্চ মতাৰ সময় (Time to call Ambulance)। যোৱা দুটা দশক ধৰি জিএনআৰচি হাস্পতালে বিভিন্ন সজাগতা কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক টু'কৰ এই লক্ষণসমূহৰ বিষয়ে সচেতন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্য অনুসৰি প্ৰতিবছৰে ১৫ নিযুত লোক ষ্ট্ৰ'কত আক্রান্ত হয়। ইয়াৰে ৫ নিযুত লোক মৃত্যুমুখত পৰে আৰু ৫ নিযুত লোকে জীৱনৰ বাবে অক্ষম হৈ পৰে বা পংগুত্বক আঁকোৱালি ল'ব লগা হয়। যোৱা কেবা দশক ধৰি ভাৰতবৰ্ষত ষ্ট্ৰ'কত আক্রান্ত লোকৰ সংখ্যা ক্রমান্বয়ে বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। উচ্ছৃংখল জীৱনযাপন আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ লগতে ক্রমবর্ধমান বয়োবৃদ্ধ লোকৰ বাবেও ভাৰতবৰ্ষত ষ্ট্ৰ'কৰ সংখ্যা বাঢ়ি আহিছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে। ভাৰতবৰ্ষত মৃত্যু আৰু পংগুত্বৰ এক প্রধান কাৰক ষ্ট্ৰ'ক।

সংবাদমেলখনত উপস্থিত থাকি জিএনআৰচি হাস্পতালৰ স্নায়ুৰোগ বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ৰূপজ্যোতি দাসে কয়, "আজি বিশ্ব ষ্ট্ৰ'ক দিৱস উপলক্ষে আমি সকলোৱে মাৰবান্ধি থিয় হওঁ আহক। আমাৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যৰে জীৱন কালত ষ্ট্ৰ'ক হ'ব পাৰে। এই কথা সঁচাকৈ চিন্তনীয়। সমগ্র বিশ্বজুৰি ২০০ কোটি লোকৰ তেওঁলোকৰ জীবন কালত ষ্ট্ৰ'ক হোৱাৰ সম্ভাবনা থাকে। ইয়াৰে ২০ শতাংশ মৃত্যুমুখত পৰিব পাৰে আৰু ৬০ শতাংশ লোক জীৱনৰ বাবে পংগু হৈ ৰোৱাৰ সম্ভাৱনা থাকে। ষ্ট্ৰ'ক এটা মাৰাত্মক ৰোগ, কিন্তু আশাব্যঞ্জক কথাটো হ'ল ইয়াক প্ৰতিৰোধ কৰিব পাৰি আৰু ইয়াৰ চিকিৎসা আছে।

জনসচেতনতা, শিক্ষা আৰু উচিত সময়ত উপযুক্ত চিকিৎসাৰে ষ্ট্ৰ'কক বহুলাংশে নিয়ন্ত্রণ কৰিব পৰা যায়, যিয়ে ষ্ট্ৰ'কত আক্রান্ত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক যথেষ্ট সকাহ দিব পাৰে। যিমানেই সাধাৰণ ৰাইজক ষ্ট্ৰ'কৰ লক্ষণসমূহ আৰু চিকিৎসাৰ ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰিম সিমানেই বেছিসংখ্যক ৰাইজক আমি ষ্ট্ৰ'কৰ পৰা ৰক্ষা কৰিব পাৰিম।

যিকোনো সময়তে যিকোনো ব্যক্তিৰে ষ্ট্ৰ'ক হ'ব পাৰে। আমাৰ জীৱনশৈলীৰ কিছুমান সাল-সলনিৰে সহজতে ষ্ট্র'কৰ হাতোৰাৰ পৰা হাত সাৰি থাকিব পাৰো। সুষম তথা সঠিক ভাৰসাম্যযুক্ত খাদ্য গ্রহণ, সুৰা আৰু ধঁপাতজাতীয় সামগ্রী বর্জন আৰু মেদবহুলতাৰ পৰা আঁতৰি থাকিব পাৰিলে সহজে ষ্ট্ৰ'ক প্রতিহত কৰিব পৰা যায়।

তদুপৰি আমি উচ্চ ৰক্তচাপ, মধুমেহ, ডিছলিপিডিমিয়া, অনিয়মীয়া হৃদস্পন্দন, মানসিক চাপ আৰু হতাশাৰ পৰা মুক্ত থাকি ষ্ট্ৰ'কক বাধা দি ৰাখিব পাৰো। প্রতিৰোধৰ লগতে সঠিক সময়ত উপযুক্ত চিকিৎসাৰে বহু ষ্ট্ৰ'ক ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায়। ইয়াৰ বাবে আমাক এখন ষ্ট্ৰ'ক ৰেডী হাস্পতালৰ প্রয়োজন।

এখন ষ্ট্ৰ'ক ৰেডী হাস্পতাল দিনটোৰ ২৪ ঘণ্টাই এগৰাকী ষ্ট্ৰ'ক ৰোগীৰ চিকিৎসা কৰিব পৰাকৈ অত্যাধুনিক সুবিধাৰে সুসজ্জিত আৰু লগতে প্রয়োজনীয় দক্ষ আৰু অভিজ্ঞ চিকিৎসক আৰু চিকিৎসা সহযোগীৰে সমৃদ্ধ। সমগ্ৰ ভাৰতবৰ্ষতে এনে ষ্ট্ৰ'ক ৰেডী হাস্পতালৰ সংখ্যা খুবেই তাকৰ। উত্তৰ-পূৰ্বাঞ্চলত একমাত্র জিএনআৰচি হাস্পতালেই এখন ষ্ট্ৰ'ক ৰেডী হাস্পতাল, য'ত দিনটোৰ ২৪ ঘণ্টাই ষ্ট্ৰ'কৰ অত্যাধুনিক চিকিৎসা সম্ভৱ।

আজিৰ এই সংবাদমেলত জিএনআৰচিৰ ইন্টাৰভেনশ্যনেল ৰেডিঅ'ল 'জিষ্ট ডাঃ ফিৰদৌছ আহমেদ, স্নায়ুশল্য বিশেষজ্ঞ ডাঃ ইনামূল হক আৰু ফিজিঅ'থেৰাপিষ্ট শ্রীমতী তৃষ্ণা দত্তও উপস্থিত থাকে আৰু তেওঁলোকৰ ষ্ট্ৰ'কৰ চিকিৎসাৰ বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায়।

শেষত ডাঃ ৰূপজ্যোতি দাসে সংবাদ মাধ্যমৰ প্রতিনিধিবৃন্দক তেওঁলোকৰ উপস্থিতিৰ বাবে ধন্যবাদ জনায় আৰু কয় যে, ৰাইজৰ মাজত ষ্ট্ৰ'কৰ বিষয়ে সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত তেওঁলোকে এক বৃহৎ অৰিহণা যোগাব পাৰে। সংবাদ মাধ্যমৰ সহযোগিতাৰে জিএনআৰচিয়ে সমগ্র অসমতে ষ্ট্ৰ'কৰ জনসচেতনতা কার্যসূচীসমূহ আৰু অধিক ব্যাপক আৰু সফল কৰি তুলিব পাৰিব। সকলোৰে বাবে স্বাস্থ্য আৰু সকলোৰে মুখত হাঁহি বিৰিঙোৱাৰ জিএনআৰচিৰ যি উদ্দেশ্য সেয়া এনেধৰণৰ জনসচেতনতা কাৰ্যসূচীয়ে সফল কৰি তুলিব।

প্ৰতি ৪ গৰাকী ব্যক্তিৰ এগৰাকী আক্ৰান্ত হয় ষ্ট্ৰ'কত...
তিতাবৰত ৰে'লৰ পৰা পৰি অচিনাক্ত মহিলাৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in