কেতিয়া হাস্পতালৰ পৰা ঘৰলৈ যাব জুবিন? জনালে ডাঃ হিতেশ বৰুৱাই...

অত্যাধিক ব্যস্ততা আৰু মানসিক চাপেই অসুস্থাৰ মূল কাৰণ
কেতিয়া হাস্পতালৰ পৰা ঘৰলৈ যাব জুবিন? জনালে ডাঃ হিতেশ বৰুৱাই...
কেতিয়া হাস্পতালৰ পৰা ঘৰলৈ যাব জুবিন? জনালে ডাঃ হিতেশ বৰুৱাই...
Published on
Updated on

ডিজিটেল ডেস্কঃ হঠাৎ অসুস্থ হৈ নেমকেয়াৰ চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসাধীন হৈ থকা সংগীত শিল্পী জুবিন গাৰ্গৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। সকলো ঠিকেই থাকিলে বুধবাৰে জুবিনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ’ব। আজি নেমকেয়াৰ হাস্পতালৰ সঞ্চালক ডাঃ হিতেশ বৰুৱাই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি চিন্তাৰ কোনো কাৰণ নাই। জুবিন এতিয়া সম্পূৰ্ণ সুস্থ।

উল্লেখ্য যে, গুৱাহাটীৰ জোনালীস্থিত বাসগৃহত পৰিয়ালৰ সৈতে থকাৰ সময়তে ২৮ জুলাইৰ পুৱাই অসুস্থ হৈ পৰিছিল। জুবিনৰ সতীৰ্থ জয়ন্ত কাকতিয়ে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি জুবিন গাৰ্গৰ ছিজাৰ এটেকৰ সন্মুখীন হৈছিল। ইয়াৰ পিছতে তেওঁক নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

আজি জুবিনৰ স্বাস্থ্যৰ সন্দৰ্ভত ডাঃ হিতেশ বৰুৱাই কয়, জুবিন এতিয়া সম্পূৰ্ণ সুস্থ। আজি আমি ডিছাৰ্জ দিম বুলি ভাবিছিলোঁ। মাত্ৰ এটা পৰীক্ষা কৰিবলৈ বাকী আছে। সেই পৰীক্ষা কৰি অহা কালি (বুধবাৰে) আমি তেওঁক ৰিলিজ দিম বুলি ভাবিছোঁ।‘’

ডাঃ বৰুৱাই পুনৰ কয়, ‘’আজিলৈকে আমি তেওঁক যিখিনি টেষ্ট বা পৰীক্ষা কৰিলো আৰু আমাৰ চুপাৰ স্পেচিয়েলিটি টীমে তেওঁক চোৱাচিতা কৰিলে তাৰ ভিত্তিতে তেওঁক মেডিকেচন কৰা হৈছে। এতিয়া তেওঁ প্ৰায় সুস্থ হৈছে। তেওঁৰ স্বাস্থ্যৰ ক্ষেত্ৰত যাতে কোনো খুটি-নাতি ৰৈ নাযায় সেয়ে আমি আৰু এটা পৰীক্ষা কৰিবলগীয়া আছে। আমি আজি সেই পৰীক্ষা কৰিম আৰু অহাকালি (বুধবাৰে) তেওঁক ডিছাৰ্জ দিম।‘’

আনহাতে জুবিনক চিকিৎসকে ডায়েটৰ ক্ষেত্ৰত বিশেষ পৰামৰ্শ দিয়াৰ কথাও উল্লেখ কৰিছে। তেওঁ কয়, প্ৰথম কথা হৈছে তেওঁৰ ডায়েট। ডায়েটৰ ক্ষেত্ৰত আমি পৰামৰ্শ দিছে যাতে তেওঁ নিয়মীয়াকৈ ডায়েট অনুসৰণ কৰে। দ্বিতীয়তে হাই প্ৰ’টিন ডায়েটৰ পৰা তেওঁক বিৰত থাকিবলৈ দিয়া হৈছে। তেওঁ প্ৰ’টিন বেছি খাব নালাগে।

ইফালে শিল্পী জুবিনৰ অসুস্থতাৰ কাৰণ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত চিকিৎসক বৰুৱাই কয় অত্যাধিক ব্যস্ততা আৰু মানসিক চাপৰ বাবেই জুবিনৰ সৈতে এনে ধৰণৰ অঘটনবোৰ সংঘটিত হয়।

কেতিয়া হাস্পতালৰ পৰা ঘৰলৈ যাব জুবিন? জনালে ডাঃ হিতেশ বৰুৱাই...
আজি প্ৰকাশ পাব ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in