অবিনাশৰ অসহায় পিতৃ-মাতৃক মুখ্যমন্ত্ৰীয়ে দিলে বুজনিঃ 'তহঁত ঘৰলৈ গৈ জিৰণী ল...'

জ্যোতিনগৰৰ নলাত সন্ধানহীন অবিনাশ সৰকাৰৰ উদ্ধাৰ অভিযানৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে
অবিনাশৰ অসহায় পিতৃ-মাতৃক মুখ্যমন্ত্ৰীয়ে দিলে বুজনিঃ 'তহঁত ঘৰলৈ গৈ জিৰণী ল...'
অবিনাশৰ অসহায় পিতৃ-মাতৃক মুখ্যমন্ত্ৰীয়ে দিলে বুজনিঃ 'তহঁত ঘৰলৈ গৈ জিৰণী ল...'
Published on
Updated on

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ জ্যোতিনগৰত বৃহস্পতিবাৰে নিশা বৰষুণৰ মাজতে স্কুটিৰ পৰা পৰি নলাৰ পানীত উটি যোৱা অবিনাশ সৰকাৰৰ সন্ধান এতিয়াও পোৱা নাই। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে নলাৰ মাজে মাজে চলাই আছে অবিনাশৰ উদ্ধাৰ অভিযান। আজি বিয়লি প্ৰায় ৫-৩০ বজাত এই উদ্ধাৰ অভিযানৰ বুজ ল'বলৈ আৰু দুৰ্ভগীয়া পিতৃ-মাতৃক উদ্ধাৰ অভিযানস্থলীৰ পৰা ঘৰলৈ প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উদ্ধাৰ অভিযানস্থলীত উপস্থিত হয়।

উদ্ধাৰ অভিযানস্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই অবিনাশ সৰকাৰৰ পিতৃ-মাতৃৰেও কথা পাতে। তেওঁ দুয়োকে উদ্ধাৰ অভিযানস্থলীৰ পৰা ঘৰত গৈ জিৰণী লোৱাৰ পৰামৰ্শ আগবঢ়ায়। বৃহস্পতিবাৰৰ নিশাৰে পৰা পুত্ৰক বিচাৰি কেতিয়াবা অকলে কেতিয়াবা উদ্ধাৰকাৰীৰ সৈতে নলাই নলাই অভিযান চলাই থকা হৰলাল সৰকাৰে এতিয়ালৈকে ঘৰলৈ নোযোৱাৰ বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্ধাৰ অভিযানস্থলীলৈ আহি তেওঁক ঘৰলৈ পঠিওৱাৰ চেষ্টা কৰে বুলিও জানিবলৈ দিছে।

গুৱাহাটী মহানগৰৰ জিলা আয়ুক্ত, আৰক্ষী আয়ুক্তকে ধৰি বহু শীৰ্ষ বিষয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড০ শৰ্মাই হৰলাল শৰ্মাৰ পৰা কেনেকৈ এই কৰুণ ঘটনা সংঘটিত হ'ল সেই বিষয়ে জানিবলৈ চেষ্টা কৰে। ইয়াৰোপৰি তেওঁ কণমানি অবিনাশৰ পিতৃ-মাতৃ দুয়োকে ঘৰলৈ গৈ জিৰণী লোৱাৰো পৰামৰ্শ আগবঢ়ায়।

মুখ্যন্ত্ৰী ড০ শৰ্মাক কাষত পাই অবিনাশৰ মাতৃয়ে কয়, ''মোৰ সন্তানক লাগে। মোৰ দুটাই ল'ৰা। সি ডাঙৰ আছিল। তাক লাগে মোক।'' একেদৰেই অবিনাশৰ পিতৃয়েও অবিনাশক লৈহে ঘৰলৈ যাব বুলিও মন্তব্য কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ইয়াৰ পিছতে অবিনাশৰ পিতৃক বুজনি দি কয়, ''পুলিচে বিচাৰি আছে। আমি আজি আৰু কালিলৈ দুটা দিনে বিচাৰোঁ। তই অলপ ঘৰত জিৰণী লগৈ। তই যদি এনেকৈ ভাঙি পৰ তেন্তে ইটো ল'ৰাক কোনে চাব? মন ভাঙি পেলালে তাক কেনেকৈ চাবি? আমি জীৱনত অলপ সাহসী হ'ব লাগিব। ভগৱানে কৰক ইয়াত থকা ল'ৰাটোক বিচাৰি উলিয়াওক। দেউতাক, মাক দুয়োটা যদি এনেকৈ থাক তেন্তে যিটো ল'ৰা ঘৰত আছে তাক কোনে চাব? সিও বেয়া হৈ যাব।''

ড০ শৰ্মাই পুনৰ অবিনাশৰ পিতৃত বুজনি দি কয়, ''আমিও আশা কৰোঁ সোনকালেই তাক বিচাৰি পাওঁক। আজিও বিচাৰিম, কালিলৈও বিচাৰিম। ভগৱানে দিয়া, ভগৱানৰ হাতত থকা বিষয়ত মানুহে একো কৰিব নোৱাৰোঁ। সব বস্তুৱেই ভগৱানৰ ওচৰত থাকে। তই কালি ৰাতিও ঘৰলৈ যোৱা নাই। তেনেকে হ'লে নহ'ব। তই যদি নিজকে এনেকৈ দুৰ্বল কৰি দিয়, ইটো ল'ৰাক কোনে চাব? আজি গধূলি ইহঁতে বিচাৰি থাকিব। আজি দুয়োটা ঘৰলৈ গৈ ভগৱানক প্ৰাৰ্থনা কৰিবি। অহা কালিও বিচাৰিব। যদি অহা কালিও বিচাৰি নাপাওঁ তেন্তে ৭২ ঘণ্টা হৈ যাব। ৭২ ঘণ্টা নলাৰ পানীত থকা 'বাটাছা' এটা জীয়াই থাকিব বুলি ভাবিব নোৱাৰোঁ। অকনমান দুখ লাগিব মনটো। কোনো পধ্যেই মানিব নোৱাৰি। যিটো ল'ৰা আছে তাৰ কথা ভাবি মন অলপ ডাঠ কৰিব লাগিব। দুখ লাগিবই, ময়ো বাপেক।''

উদ্ধাৰ অভিযানস্থলীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘটনা সন্দৰ্ভত কয়, ''উদ্ধাৰকাৰ্য চলি আছে। পাহাৰৰ পৰা অহা পানী। এই নলাটো ভৰলুৰ সৈতে সংযোগ হৈ আছে আৰু ভৰলু ব্ৰহ্মপুত্ৰৰ সৈতে সংযোগ হৈ আছে। ৪৮ ঘণ্টা পাৰ হৈ গৈছে।শিশুটো ড্ৰে'ইনত পৰাটো সত্য বুলিও যদি ধৰি লওঁ তেন্তে হয়তো ক'ৰবাত নহয় ক'ৰবাত কিবা এটা প্ৰমাণ পালো হয়। যি চেণ্ডেল পাইছে সেইযোৰ পিতৃয়েহে পাইছে। যদি শিশুটো মৃত বুলিও ধৰি লওঁ মৃতদেহ বহু দূৰ আগবাঢ়ি যাব পাৰে। যদি জীয়াই আছে বুলিও ধৰি লওঁ, তেন্তে এয়াও কিমান এটা ডাঙৰ কথা হ'ব লাগিব ! কিমান শক্তি থাকিব লাগিব? গোটেই কথাবোৰ পুলিচে চাব। কিন্তু দেউতাক-মাকে যদি নোখোৱা নোবোৱাকৈ ইয়াত এনেকৈ থাকে তেন্তে তেওঁলোকো ভাঙি পৰিব। সেয়ে আমাৰ দায়িত্ব হ'ল আৰক্ষী প্ৰশাসনে নিজৰ কাম কৰক। ল'ৰাটোক বিচাৰি উলিয়াবলৈ যি পাৰে কৰক। দেউতাক-মাকক জিৰণী দিয়াৰ প্ৰয়োজন। আজি মই ইয়ালৈ অহাৰ এটাই কাৰণ যাতে মাক-দেউতাকক ঘৰলৈ পঠিয়াব পাৰোঁ।''

ইয়াৰোপৰি তেওঁ সাংবাদিকৰ আগত কয় ইমান বৰষুণৰ মাজত সংঘটিত হোৱা এই ঘটনাক দুৰ্ঘটনা বুলি নকৈ কেনেকৈ থাকোঁ। যেতিয়ালৈকে এছ ডি আৰ এফ, এ এন ডি আৰ এফে বিচাৰে উদ্ধাৰ অভিযান চলি থাকিব। আনহাতে উদ্ধাৰ অভিযানস্থলীতে দেও বা সোমবাৰৰ ভিতৰত হৰলাল সৰকাৰৰ ঘৰলৈ যোৱাৰো কথা দিয়ে। সাংবাদিকে কিবা আৰ্থিক ক্ষতিপূৰণ দিয়াৰ সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, আৰ্থিক ক্ষতিপূৰণ দিলেই হেৰায় যোৱা ল'ৰাটো ঘূৰি নাহে। যিহেতু আৰু এটা ল'ৰা আছে তাৰ শিক্ষা, দিক্ষাৰ ব্যৱস্থাৰ বিষয়ে আমি চিন্তা কৰিম।

অবিনাশৰ অসহায় পিতৃ-মাতৃক মুখ্যমন্ত্ৰীয়ে দিলে বুজনিঃ 'তহঁত ঘৰলৈ গৈ জিৰণী ল...'
শিৱসাগৰত একাদশ শ্ৰেণীৰ ছাত্ৰৰ ছুৰীৰ আঘাতত প্ৰাণ হেৰুৱালে অধ্যক্ষই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in