Adeno Virus: দেশত বৃদ্ধি পাইছে এডেন' ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

Adeno Virus: দেশত বৃদ্ধি পাইছে এডেন' ভাইৰাছৰ প্ৰাদুৰ্ভাৱ
Published on
Updated on

ডিজিটেল ডেস্ক: পশ্চিম বংগত ভয়াৱহ ৰূপ ধাৰণ কৰিছে এডেন’ ভাইৰাছে।ৰাজ্যখনত জ্বৰ, চৰ্দি, কাহ, উশাহ-নিশাহত অসুবিধা আৰু নিউমোনিয়াৰ ফলত শিশুৰ নিৰন্তৰ মৃত্যু হ’বলৈ ধৰিছে।ইফালে, স্বাস্থ্য বিভাগে দাবী কৰা মতে, ৰাজ্যখনত পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে। একে সময়তে আইচিএআৰ নাইছৰ প্ৰতিবেদন অনুসৰি, দেশৰ আন ৰাজ্যতকৈ পশ্চিম বংগত এডেন’ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে। এই বৰ্ষৰ জানুৱাৰীৰ পৰা ২০ মাৰ্চলৈকে পশ্চিম বংগত  ৩৮ শতাংশ শিশু এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। পশ্চিম বংগৰ পিছত সংক্ৰমণৰ ক্ষেত্ৰত তামিলনাডু দ্বিতীয় স্থানত আছে।

এডেন’ ভাইৰাছ আৰু ইয়াৰ লক্ষণবোৰ কি ?

ই এটা ভাইৰাছ। প্ৰথম অৱস্থাত শৰীৰত ইয়াৰ প্ৰভাৱ সাধাৰণ হ’লেও পাছত গুৰুতৰ হৈ পৰে।এই ভাইৰাছত আক্ৰান্ত হ’লে প্ৰথমে উশাহ লোৱাত কষ্ট হয়।ইয়াৰ পিছত আন সমস্যাবোৰে আগুৰি ধৰে আৰু সংক্ৰমণ লাহে লাহে সমগ্ৰ শৰীৰলৈ বিয়পিবলৈ আৰম্ভ কৰে। চিকিৎসকৰ মতে, এই ভাইৰাছবোৰে সাধাৰণতে চৰ্দি বা ফ্লু-সদৃশ ৰোগৰ সৃষ্টি কৰে। এডেন’ ভাইৰাছ বছৰৰ যিকোনো সময়তে সংক্ৰমিত হ'ব পাৰে। ই সাধাৰণতে শীতকালৰ শেষৰ ফালে আৰু বসন্তৰ আৰম্ভণিতে সৰ্বাধিক বিয়পি পৰে।

এই ৰাজ্যবোৰত বিয়পিছে ভাইৰাছ

বৰ্তমানলৈ পশ্চিম বংগত এডেন’ ভাইৰাছৰ সৰ্বাধিক সংখ্যক ঘটনা পোহৰলৈ আহিছে।ইয়াৰ পাছতে তামিলনাডুত ১৯ শতাংশ, কেৰালাত ১৩ শতাংশ, দিল্লীত ১১ শতাংশ আৰু মহাৰাষ্ট্ৰত পাঁচ শতাংশ এই ভাইৰাছৰ ঘটনা সংঘটিত হৈছে।ৰাজ্যখনৰ চিকিৎসকসকলে দাবী কৰা মতে,  জানুৱাৰীত এই ভাইৰাছৰ ঘটনা বৃদ্ধি পাইছে।

কেনেদৰে সুৰক্ষিত হৈ থাকিব ?

১) ফ্লু-সদৃশ লক্ষণত ভুগি থকা শিশুৰ প্ৰতি আটাইতকৈ বেছি মনোযোগ দিয়ক।

২) শিশুৰ স্বাস্থ্য পৰীক্ষা কৰাওক, তেওঁলোকৰ অৱস্থাৰ প্ৰতি মনোযোগ দিয়ক।

৩) যদি ঘৰত এজন ডাঙৰ মানুহৰ চৰ্দি হয়, তেন্তে তেওঁৰ পৰা শিশুক আঁতৰাই ৰাখিব।

৪)  নিজেই চিকিৎসা নকৰিব, চিকিৎসকৰ মতে ঔষধ দিয়ক।

Adeno Virus: দেশত বৃদ্ধি পাইছে এডেন' ভাইৰাছৰ প্ৰাদুৰ্ভাৱ
ঘৰতে উপলব্ধ এইসমূহ খাদ্য খাই সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in