ছুপাৰ ফুড হিচাপে "কল"

ছুপাৰ ফুড হিচাপে "কল"
Published on
Updated on

ডিজিটেল ডেস্কঃ ফল মূল আমাৰ শৰীৰৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। দৈনন্দিন খাদ্যৰ তালিকাত ফলমূলৰ বাবে এক সুকীয়া স্থান ৰখাতো উচিত। এই তালিকাৰ এবিধ প্ৰয়োজনীয় ফল হল কল। নিয়মীয়াকৈ কল খালে শৰীৰত তেজ আৰু চৰ্বী বৃদ্ধি পায় লগতে হিমগ্লবিনো বৃদ্ধি পায় ।

নাকেৰে তেজ ওলালে বা এৱাঁ ভাগিলে পকা কলৰ লগত চেনি আৰু গাখীৰ মিলাই ফেটি লৈ একেৰাহে কেইবাদিনো খালে এই ৰোগ ভাল হয়। দৈনিক এটাকৈ পকা কল খালে ৰক্তস্ৰাৱী অৰ্শ ৰোগো নিয়ন্ত্ৰণত থাকে। দেহৰ প্ৰয়োজনীয় উপাদান প্ৰটিন, খনিজ পদাৰ্থ, ভিটামিন আদি কলত পোৱা যায়।

কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে। কলে অন্তত কৃমি মাৰে। কল খালে শৰীৰৰ গাঠিৰ বিষো নিয়ন্ত্ৰণত ৰাখে। পেটৰ অসুখত পুৰাকল বা কাচকল খাব লাগে। কাচকলত থাকে এনজাইম, যিয়ে ডায়েৰিয়া আৰু পেটৰ নানা সংক্ৰমণ দূৰ কৰে। সেয়ে ডায়েৰিয়া হ’লে চিকিৎসকসকলে কাচকল খোৱাৰ পৰামৰ্শ দিয়ে।

কাচকলত প্ৰচুৰ পৰিমাণে পটাছিয়াম আছে। বিভিন্ন গৱেষণাত দাবী কৰা হৈছে, কাচকল খালে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। কাচকল বিভিন্ন ধৰণৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে সহায়ক। কাচকলত থকা কেলচিয়ামে হাড় মজবুত কৰে। কাচকলত এণ্টি–অক্সিডেণ্ট ভৰপূৰ মাত্ৰাত থাকে।

কাচকল খালে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি নকৰি ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাত বিশেষ ভূমিকা পালন কৰে। সেয়ে ডায়েবেটিছ ৰোগৰ ৰোগীসকলে নিশ্চিন্তমনে কাচকল খাব পাৰে।

কল কেৱল খোৱাৰ ক্ষেত্ৰতেই নহয়, চাল আৰু চুলিৰ বাবেও উপকাৰি। ফেচপেক আৰু হেয়াৰ মাস্ক হিচাপেও কল ব্যৱহাৰ কৰিব পাৰি। কল উচ্চ মানৰ এন্টিঅক্সিডেন্ট আৰু বিভিন্ন পুষ্টিকৰ গুনেৰে ভৰপুৰ, যিয়ে আমাৰ ছালক আৰু অধিক সুন্দৰ কৰি তোলাত সহায় কৰে।

কলত প্ৰচুৰ পৰিমানে পটাছিয়াম আৰু মেংগানিজ পোৱা যায় যি আমাৰ ছালক নৰম আৰু স্বাস্থ্যকৰ কৰাৰ বাবে অত্যন্ত প্ৰয়োজনীয় উপাদান। পটাছিয়ামে কোষত অক্সিজেন আৰু তেজৰ প্ৰবাহ বজাই ৰখাত সহায় কৰে।

কলত ভিটামিন চি থাকে যি ছালৰ বাবে অত্যন্ত উপকাৰি। জুই বা অন গৰম বস্তুৱে পুৰিলে পকা কল পিটিকি পোৰা অংশত লগালে বা বান্ধি থলে জ্বলা পোৰা কমাৰ লগতে পানীজোলাও নাবান্ধে।

এজন লোকে সপ্তাহত ৪-৬ টা কল খালে কিডনিৰ অসুখ হোৱাৰ আশংকাও হ্ৰাস পায়। কলত থকা ভিটামিন বি য়ে তেজৰ শ্বেতৰক্ত কণিকাৰ পৰিমাণ বঢ়াই যি মানুহৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাত সহায় কৰে। কলত থকা আইৰনে ৰক্তহীনতাৰ পৰাও ৰোগীক যথেষ্ট পৰিত্ৰাণ দিয়ে।

শৰীৰৰ আভ্যন্তৰীণ ক্ষেত্ৰতে নহয় ব্যাহিক ক্ষেত্ৰতো কল উপকাৰি। সেইবাবে কলক ছুপাৰ ফুড বুলিও কোৱা হয়। যি আমাৰ সুস্বাস্থ্যৰ বাৱে অত্যন্ত প্ৰয়োজন।

ছুপাৰ ফুড হিচাপে "কল"
যোৰহাটত সাদিন-প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in