বহু ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে ৰাতিপুৱাৰ ৰ’দে

বহু ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে ৰাতিপুৱাৰ ৰ’দে
Published on
Updated on

ডিজিটেল ডেস্ক: ৰাতিপুৱাৰ ৰ’দে বহু ৰোগৰ আশংকা হ্ৰাস কৰে।শীতকালত বহু লোকেই ৰ’দ লয় যদিও গ্ৰীষ্মকালত ৰ’দ লোৱাৰ পৰা সকলো বিৰত থাকে।কিন্তু ৰ’দ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী আপুনি জানেনে ? আপুনি যদি দিনটোৰ মাত্ৰ ২০ মিনিট সময় ৰ’দ লয়, ই আপোনাক বহু গুৰুতৰ ৰোগৰ পৰা বচাই ৰাখিব পাৰে।ৰ’দ লোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক-

কেতিয়া ৰ’দ ল'ব লাগে ?

ৰাতিপুৱা ৮ বজাৰ আগৰ সময়খিনি ৰ’দ লোৱাৰ বাবে সঠিক সময়।এই সময়ছোৱাত ওলোৱা ৰ’দ শৰীৰৰ বাবে অতি উপকাৰী।কিয়নো এই সময়খিনিত পৰিৱেশত প্ৰদূষণ কম হয়, যাৰ ফলত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ আপোনাৰ শৰীৰত পৰিব পাৰে।

ৰ’দ লোৱাৰ লাভালাভ- 

শৰীৰে ভিটামিন-ডি লাভ কৰে

ৰাতিপুৱা ৰ’দ ল’লে শৰীৰে ভিটামিন-ডি লাভ কৰে।ৰ’দ নোলোৱাৰ বাবে ভাৰতীয় লোকসকলৰ প্ৰায়ে ভিটামিন-ডিৰ অভাৱ হয়, যাৰ ফলত ভাইৰেল ৰোগ হোৱাৰ আশংকা বৃদ্ধি হয়। এনে পৰিস্থিতিত, সংক্ৰমণ পৰিহাৰ কৰিবলৈ তথা হাড় আৰু দাঁত শক্তিশালী কৰিবলৈ আপুনি দৈনিক ৰ’দ লোৱাটো খুবেই জৰুৰী।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত হয়

যদি আপোনাৰ ৰক্তচাপ বৃদ্ধি হয়, তেনেহ'লে ছানবাথ অৰ্থাৎ ৰ’দত গা ধোৱাটো আপোনাৰ বাবে অতি উপকাৰী। ছানবাথ গ্ৰহণ কৰিলে ছালৰ ওপৰৰ স্তৰত থকা নাইট্ৰিক অক্সাইড ট্ৰিগাৰ হয়, যি আপোনাৰ ৰক্তনলী বৃদ্ধি কৰি সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে। দৈনিক সূৰ্যৰ পোহৰে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। 

হতাশা দূৰ হয়

ৰ’দ ল'লে আপোনাৰ হতাশাও আঁতৰ হ'ব। সূৰ্যৰ পোহৰ গ্ৰহণ কৰি শৰীৰে চেৰোটনিন নামৰ এক হৰমন প্ৰস্তুত কৰে, যিয়ে আপোনাৰ শৰীৰত ভাল হৰমন প্ৰস্তুত কৰি হতাশা দূৰ কৰাত সহায় কৰে। 


হ্ৰাস হয় মানসিক চাপ

ৰ'দে মেলাটোনিন হৰমন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই হৰমনটোৱে মানসিক চাপৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে।সেয়েহে দিনটোৰ কিছু সময় ৰ'দত বহি আপুনি আপোনাৰ মানসিক চাপ হ্ৰাস কৰাৰ চেষ্টা কৰিব পাৰে।

টোপনি ভাল হয়

সূৰ্যৰ পোহৰে টোপনিৰ মানদণ্ড উন্নত কৰাত সহায় কৰে। ই আমাৰ চাৰ্কাডিয়ান ছন্দ সংশোধন কৰে, যি শৰীৰত পোহৰৰ পৰা মেলাটোনিন প্ৰস্তুত কৰে। 

প্ৰষ্টেটৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে 

যদি আপোনাৰ ৰ'দ লোৱাৰ অভ্যাস নাই, তেন্তে ই প্ৰষ্টেট কৰ্কট ৰোগৰ এক কাৰণ হব পাৰে। বহুতো অধ্যয়নত প্ৰমাণ হোৱা মতে, শৰীৰত ৰ'দ নপৰিলে প্ৰষ্টেট কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হ'ব পাৰে। যদি আপুনি সূৰ্যৰ পোহৰ লয়, তেন্তে এই কৰ্কট ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিব পাৰিব।

ওজন হ্ৰাসত সহায়ক  

আপুনি জানি আচৰিত হ'ব যে ৰ'দেও ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে প্ৰতিদিনে ৰ'দ লওঁক। 

হাঁপানিৰ প্ৰতিৰোধক 

প্ৰাপ্তবয়স্কৰ লগতে শিশুৰ ক্ষেত্ৰতো এতিয়া হাঁপানিৰ দৰে সমস্যা বৃদ্ধি পাবলৈ পৰিছে।শৰীৰত  ভিটামিন-ডিৰ অভাৱ হ'লে এই ৰোগ হোৱাৰ আশংকা বেছি হয়। সেয়েহে, যদি আপুনি পুৱা কিছু সময় ৰ'দ লয়, ই আপোনাক হাঁপানিৰ দৰে ৰোগৰ পৰা পৰিত্ৰাণ দিব পাৰে।

বহু ৰোগৰ পৰা পৰিত্ৰাণ দিয়ে ৰাতিপুৱাৰ ৰ’দে
সাৱধান ! আপোনাৰ এই অভ্যাসে জীৱনলৈ মাতিছে ভয়ংকৰ বিপদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in