খোৱাত সচেতন নোহোৱাৰ বাবেই বৃদ্ধি হৈছে উশাহ-নিশাহৰ সমস্যা

খোৱাত সচেতন নোহোৱাৰ বাবেই বৃদ্ধি হৈছে উশাহ-নিশাহৰ সমস্যা
Published on
Updated on

ডিজিটেল ডেস্ক : হাঁওফাঁওক শৰীৰৰ এক অন্যতম মুখ্য অংশ বুলি গণ্য কৰা হয়। স্বাস্থ্যৱান হাঁওফাঁওৱে আমাক হাপানি, নিউমোনিয়া আদিৰ দৰে বহুতো ৰোগৰ আশংকাৰ পৰা সুৰক্ষিত কৰে। আজিকালি পৰিৱৰ্তনশীল জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবে মানুহৰ হাঁওফাঁও দুৰ্বল হৈ পৰিছে। যাৰ ফলত উশাহ-নিশাহত যথেষ্ট সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত হাঁওফাঁও স্বাস্থ্যৱান ৰাখিবলৈ আপুনি আপোনাৰ আহাৰত কিছুমান স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে। হাঁওফাঁওক স্বাস্থ্যৱান ৰাখিবলৈ আপুনি কোনবোৰ খাদ্য খাব লাগে, আজি জানো আহক-

ব্ৰকলী 

হাঁওফাঁও স্বাস্থ্যৱান ৰাখিবলৈ আপুনি আপোনাৰ আহাৰত ব্ৰকলী অন্তৰ্ভুক্ত কৰিব পাৰে। ই ভিটামিন-চি, ফলেট আৰু প্ৰদাহ-প্ৰতিৰোধী গুণাগুণৰ দৰে বহুতো পুষ্টিৰে সমৃদ্ধ। এই গুণাগুণবোৰে হাঁওফাঁও স্বাস্থ্যৱান ৰখাত সহায় কৰে। 

নহৰু 

পুষ্টিসমৃদ্ধ নহৰু ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত যথেষ্ট সহায়ক। নহৰুৰ নিয়মীয়া সেৱনে বহু প্ৰকাৰৰ সংক্ৰমণ প্ৰতিহত কৰে। তদুপৰি, ই হাঁওফাঁওৰ বাবেও যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। 

আদা 

আদা স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু লগতে ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰে। ইয়াৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ আছে, যিয়ে হাঁওফাঁও স্বাস্থ্যৱান ৰখাত সহায় কৰে। ইয়াক আহাৰত অন্তৰ্ভুক্ত কৰি আপুনি আপোনাৰ হাঁওফাঁও শক্তিশালী কৰিব পাৰে।

জামু

জামু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ। ই হাঁওফাঁওক ক্ষতিকাৰক প্ৰভাৱৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে যাতে আপুনি হাঁওফাঁওৰ সমস্যাৰ পৰা বাচি থাকিব পাৰে। 

হালধি 

ই বহুতো ঔষধি গুণ সমৃদ্ধ।হালধীয়ে শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰে। হালধি সমৃদ্ধ খাদ্য সেৱন কৰিলে হাঁওফাঁওৰ প্ৰদাহৰ সমস্যা হ্ৰাস হয়।  

পালেং শাক 

ই এণ্টিঅক্সিডেণ্ট আৰু প্ৰদাহ-প্ৰতিৰোধী গুণাগুণেৰে সমৃদ্ধ। এই গুণাগুণবোৰে শ্বাস-প্ৰশ্বাসৰ সমস্যা হ্ৰাস কৰে। ইয়াৰ বাহিৰেও পালেং শাকত ভিটামিন-চি থাকে। যিয়ে হাঁওফাঁও স্বাস্থ্যৱান কৰি ৰাখে।

খোৱাত সচেতন নোহোৱাৰ বাবেই বৃদ্ধি হৈছে উশাহ-নিশাহৰ সমস্যা
আজিয়েই সলনি কৰক আপোনাৰ খাদ্য তালিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in