ডায়েবেটিছ ৰোগীসকল সচেতন হওঁক, অন্যথা খুব সোনকালেই অচল হৈ পৰিব

স্বাস্থ্যৱান হৈ থাকিবলৈ অধিকাংশ লোকেই তেওঁলোকৰ আহাৰত শুকান ফল অন্তৰ্ভুক্ত কৰে।শুকান ফলত বহুতো পুষ্টি প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে স্বাস্থ্যক যথেষ্ট লাভালাভ প্ৰদান কৰে। কিন্তু কেইটামান শুকান ফল ডায়েবেটিচ ৰোগীৰ বাবে অতি অপকাৰী।

author-image
Asomiya Pratidin
New Update
ডায়েবেটিছ ৰোগীসকল সচেতন হওঁক, অন্যথা খুব সোনকালেই অচল হৈ পৰিব

ডিজিটেল ডেস্ক: স্বাস্থ্যৱান হৈ থাকিবলৈ অধিকাংশ লোকেই তেওঁলোকৰ আহাৰত শুকান ফল অন্তৰ্ভুক্ত কৰে।শুকান ফলত বহুতো পুষ্টি প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে স্বাস্থ্যক যথেষ্ট লাভালাভ প্ৰদান কৰে। কিন্তু কেইটামান শুকান ফল ডায়েবেটিচ ৰোগীৰ বাবে অতি অপকাৰী। এই শুকান ফল খালে শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ অতি দ্ৰুতগতিত বৃদ্ধি হয়। ডায়েবেটিচ ৰোগীৰ বাবে ক্ষতিকাৰক এইকেইবিধ শুকান ফল হৈছে-

অঞ্জীৰ 

অঞ্জীৰক বহুতো গুণৰ ভাণ্ডাৰ বুলি গণ্য কৰা হয়।অঞ্জীৰক ফিগ বুলিও জনা যায়। কিন্তু ইয়াত থকা প্ৰাকৃতিক চেনী ডায়েবেটিক ৰোগীৰ বাবে ক্ষতিকাৰক। ইয়াৰ বাবে ডায়েবেটিছ ৰোগীয়ে অঞ্জীৰ খাব নালাগে।

শুকান আম

শুকান আম ডায়েবেটিক ৰোগীৰ বাবে ক্ষতিকাৰক। প্ৰকৃততে, ইয়াত যথেষ্ট পৰিমাণৰ চেনী থাকে। যাৰ ব্যৱহাৰে ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে। যি ডায়েবেটিক ৰোগীৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

কিচমিচ

কিচমিচ বহু পুষ্টি সমৃদ্ধ যদিও ডায়েবেটিছ ৰোগীয়া ইয়াক খোৱা পৰিহাৰ কৰিব লাগে। কিয়নো ইয়াত যথেষ্ট প্ৰাকৃতিক শৰ্কৰা থাকে, যি ৰক্ত শৰ্কৰাৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে।

এপ্ৰিকট

এপ্ৰিকট বা শুকান প্লামত প্ৰাকৃতিক শৰ্কৰাৰ পৰিমাণ যথেষ্ট বেছিকৈ থাকে। সেয়েহে ইয়াক খালে  ডায়েবেটিচত ভুগি থকা ব্যক্তি এজনৰ ৰক্ত শৰ্কৰা বৃদ্ধি কৰিব পাৰে।

ক্ৰেনবেৰী

ক্ৰেনবেৰীত প্ৰাকৃতিক মিঠাৰ উপৰিও আৰু বেলেগে মিঠা দিয়া হয়।যাৰ বাবে এইসমূহ খালে ডায়েবেটিচ ৰোগীৰ ক্ষতি হ’ব পাৰে।

খেজুৰ

বিশেষজ্ঞসকলৰ মতে খেজুৰত যথেষ্ট পৰিমাণে চেনী থাকে। যি শৰীৰত গ্লুকোজৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি কৰে, সেয়েহে ইয়াৰ গ্ৰহণ কৰাটো ডায়েবেটিছ ৰোগীৰ বাবে ক্ষতিকাৰক।

Also Read: কেৱল জলপানৰ লগতেই নহয়, ভাতৰ লগতো খাওঁক দৈ