চাহৰ পিছতে পানী খালে কি হয় জানেনে?

চাহৰ পিছতে পানী খালে কি হয় জানেনে?
Published on
Updated on

ডিজিটেল ডেস্ক: ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ পিছত একাপ চাহ খোৱাটো আমাৰ সকলোৰে অভ্যাস। ৰাতিপুৱাৰ বাহিৰেও দিনটোৰ যিকোনো সময়ত একাপ চাহ খালে শৰীৰটো সক্ৰিয় হয় বুলি আমি সকলোয়ে বিশ্বাস কৰো।কিন্তু আমি বহুতেই চাহ কাপ খোৱাৰ পাছতে পানী খাওঁ। আমি নজনাকৈয়ে ই আমাৰ স্বাস্থ্যৰ বহু ক্ষতি কৰে।হয়, পানীক এক অতি শক্তিশালী পানীয় বুলি গণ্য কৰা হয় যদিও চাহ খোৱাৰ পাছত পানী খালে ই স্বাস্থ্যৰ হানি কৰে। আজি এই বিষয়ে জানো আহক-

চাহৰ পিছত পানী খালে প্ৰকৃততে কি হয় ?

১)চাহ খোৱাৰ পিছত পানী খালে পেটত গেছ হয়। ইয়াৰ ফলত পেট ফুলা, কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাৰো সৃষ্টি হয়।

২) চাহৰ ঠিক পিছতে পানী খোৱাৰ ফলত ডিঙিৰ বিষ হয়। ইয়াৰ ফলত শৰীৰত ঠাণ্ডা লগাৰো আশংকা থাকে।

৩) চাহৰ পাছতে পানী খালে আপোনাৰ নাকৰ পৰা তেজো ওলাই আহিব পাৰে। বিশেষকৈ গ্ৰীষ্মকালত চাহৰ পিছত পানী খালে আপোনাৰ শৰীৰ আৰু খাদ্যনলীয়ে একেলগে গৰম আৰু ঠাণ্ডা সহ্য কৰিব নোৱাৰে। যাৰ ফলত নাকৰ পৰা ৰক্তক্ষৰণ হোৱাৰ এশ শতাংশই সম্ভাৱনা থাকে।

৪) ইয়াৰ উপৰিও ই দাঁতৰ ক্ষতি কৰিব পাৰে।গৰম চাহ খোৱাৰ পিছত যেতিয়া আপুনি পানী খায়, আপোনাৰ দাঁতত জিনজিননিৰ সমস্যা হ'ব পাৰে। প্ৰথমে গৰম আৰু তাৰ পিছত ঠাণ্ডা পানীয়ে মুখৰ তাপমাত্ৰা সলনি কৰে। যি আলুৰ স্নায়ু ক্ষতিগ্ৰস্ত কৰিব পাৰে।

৫) বেছিভাগ লোকে নাজানে যে চাহ আৰু কফি দুয়োটাই এচিডিক আৰু দুয়োটাই পাকস্থলীত গেছ সৃষ্টি কৰে।

চাহ খোৱাৰ পিছত আপুনি কেতিয়া পানী খাব পাৰে?

চাহ খোৱাৰ ২০ ৰ পৰা ২৫ মিনিটৰ পিছত পানী খোৱাটো সঠিক বুলি গণ্য কৰা হয়।যদি আপুনি বিচাৰে চাহ খোৱাৰ আগতে পানী খাব পাৰে।

চাহৰ পিছতে পানী খালে কি হয় জানেনে?
Tea Side Effects: চাহ খাই শৰীৰটো ঘূণীয়া নকৰিব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in