কিমান দিনৰ মূৰে মূৰে ৰক্তদান কৰা উচিত জানেনে ?

কিমান দিনৰ মূৰে মূৰে ৰক্তদানৰ কৰা উচিত জানেনে ?
কিমান দিনৰ মূৰে মূৰে ৰক্তদানৰ কৰা উচিত জানেনে ?
Published on
Updated on

ডিজিটেল ডেস্ক: ৰক্তদান মহান দান। বহুলোকে বিশ্বাস কৰে যে ৰক্তদান কৰিলে শৰীৰত দুৰ্বলতা হয়।কিন্তু এই ধাৰণা একেবাৰেই ভুল।বৰঞ্চ ৰক্তদান কৰাটো শৰীৰৰ বাবে খুবেই উপকাৰী। ৰক্তদান কৰি আপুনি এজন লোকৰ জীৱন ৰক্ষা কৰাৰ লগতে আপোনাৰ স্বাস্থ্যৰ বাবেও বহুখিনি উপকাৰ সাধন কৰিব পাৰে। ৰক্তদানে কেৱল আপোনাৰ শৰীৰৰ ওপৰতেই নহয়, মগজুৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায়।সেয়েহে, মানুহক এই বিষয়ে সজাগ কৰাটো অতি গুৰুত্বপূৰ্ণ। ৰক্তদান কৰিলে শৰীৰৰ কি লাভ হয়, আজি সেই বিষয়ে জানো আহক-

হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে

যিসকল লোকে আনৰ জীৱন ৰক্ষা কৰিবলৈ ৰক্তদান কৰে তেওঁলোকৰ হৃদৰোগ আৰু ষ্ট্ৰ’ক হোৱাৰ আশংকা কম। ইয়াৰ কাৰণ হৈছে যেতিয়া তেজত আইৰণৰ পৰিমাণ অধিক হয়, ই হৃদযন্ত্ৰক প্ৰভাৱিত কৰে। কিন্তু যদি আপুনি ৰক্তদান কৰে, তেন্তে আপোনাৰ শৰীৰত আইৰণৰ পৰিমাণ সন্তুলিত হৈ থাকে।

কৰ্কট ৰোগৰ বিপদাশংকা হ্ৰাস

ৰক্তদানে শৰীৰত কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ আশংকা হ্ৰাস কৰে। কিয়নো ৰক্তদানে শৰীৰত আইৰণৰ ভাৰসাম্য ৰাখে।

মেদবহুলতা হ্ৰাসৰ কাৰক

ৰক্তদান কৰিলে শৰীৰত অতিৰিক্ত কেলৰি দ্ৰুততাৰে হ্ৰাস হয়। ইয়াৰ লগতে কেইমাহমানৰ ভিতৰতে লোহিত ৰক্ত কণিকাৰ স্তৰ সমান পৰিমাণত আহে। একে সময়তে, যদি আপুনি স্বাস্থ্যকৰ আহাৰ আৰু ব্যায়াম কৰি আছে, তেনেহ'লে আপোনাৰ মেদবহুলতাও দ্ৰুতগতিত হ্ৰাস পাব।

লোহিত কোষৰ উৎপাদন বৃদ্ধি হয়

যিসকলে ৰক্তদান কৰে, তেওঁলোকৰ শৰীৰত তেজৰ অভাৱ পূৰণ কৰাৰ প্ৰক্ৰিয়া দ্ৰুত হয়। যাৰ ফলত শৰীৰত লোহিত ৰক্ত কণিকা বৃদ্ধি হয়। ই আপোনাৰ স্বাস্থ্য ভাল ৰখাত যথেষ্ট সহায়ক।

সামগ্ৰিক স্বাস্থ্য ৰক্ষা 

যদি আপুনি নিয়মীয়াকৈ ৰক্তদান কৰে, তেনেহ'লে আপোনাৰ স্বাস্থ্য নিশ্চিতভাৱে আন দহজনতকৈ ভাল হ’ব। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে।

কিমান দিনত আপুনি ৰক্তদান কৰা উচিত ?

চিকিৎসকৰ মতে, এজন ব্যক্তিৰ শৰীৰত ৯০ ৰ পৰা ১২০ দিনৰ ভিতৰত লোহিত ৰক্ত কণিকাবোৰ স্বয়ংক্ৰিয়ভাৱে মৰি যায় আৰু নতুন কোষ গঠন হয়।সেইবাবে এজন স্বাস্থ্যৱান ব্যক্তিয়ে প্ৰতি ৩ মাহত ৰক্তদান কৰিব পাৰে।

কিমান দিনৰ মূৰে মূৰে ৰক্তদানৰ কৰা উচিত জানেনে ?
ঘৰতে কৰিব পাৰি নাকৰ ৰক্তক্ষৰণৰ চিকিৎসা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in