গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ পানীয়ৰ প্ৰতি দিয়ক বিশেষ গুৰুত্ব

গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ পানীয়ৰ প্ৰতি দিয়ক বিশেষ গুৰুত্ব
Published on
Updated on

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত পানীৰ অভাৱৰ বাবে শৰীৰত ডিহাইড্ৰেচনৰ সমস্যা হয়। এনে পৰিস্থিতিত শৰীৰটো স্বাস্থ্যৱান কৰি ৰাখিবলৈ পৰ্যাপ্ত পানী খোৱাটো খুবেই জৰুৰী। বিশেষজ্ঞসকলৰ মতে, স্বাভাৱিক পানীত যথেষ্ট পৰিমাণৰ খনিজ পদাৰ্থ আৰু পুষ্টি থাকে, যিয়ে শৰীৰত পুষ্টিৰ অভাৱ পূৰণ কৰে। লেতেৰা পানী খোৱাৰ পৰা বাচি থাকিবলৈ আজিকালি বহুতেই আৰঅ’ ফিল্টাৰযুক্ত পানী খায়।বিশেষজ্ঞসকলৰ মতেও আৰঅ’যুক্ত ফিল্টাৰ অবিহনে খোৱা পানী সুৰক্ষিত নহয় এই পানীয়ে ৰোগৰ পৰা সুৰক্ষা দিয়ে কিন্তু পানীত থকা সকলো প্ৰাকৃতিক খনিজ পদাৰ্থ নাইকিয়া কৰে। ইয়াৰ ফলত, শৰীৰত পানী শোষণ কৰাৰ ক্ষমতাও হ্ৰাস হয় আৰু ই ঘাম আৰু প্ৰস্ৰাৱৰ ৰূপত শৰীৰৰ পৰা পানী আঁতৰ কৰে। সেয়েহে গ্ৰীষ্মকালত আপুনি পানীৰ সৈতে কিছুমান বস্তু মিহলি কৰি খাব লাগে।যিয়ে আপোনাৰ শৰীৰক পৰ্যাপ্ত পানী যোগান ধৰাত সম্পূৰ্ণৰূপে সহায় কৰিব পাৰে। আজি এই বিষয়ে জানো আহক-

নেমু 

গ্ৰীষ্মকালত নেমু খোৱাটো খুবেই প্ৰয়োজন।নেমু আপুনি পানীৰ সৈতে মিহলি কৰি কম পৰিমাণে নিমখ দি সেৱন কৰিব পাৰে।গৰমত নেমু পানী খালে শৰীৰটো বহুখিনি উপকৃত হয়। নেমু পানীয়ে শৰীৰক ডিটক্স কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰাত সহায় কৰিব। 

চিয়া ছীডছ

এই ঋতুত আপুনি পানীৰ সৈতে মিহলি কৰা চিয়া ছীডছও খাব পাৰে। ই শৰীৰক হাইড্ৰেটেড কৰি ৰখাৰ লগতে শৰীৰত প্ৰ'টিনৰ অভাৱ পূৰণ কৰে। দৈনিক পুৱা ইয়াক সেৱন কৰাটো শৰীৰৰ বাবে অত্যন্ত লাভজনক।

পাৰ্চেল 

অলপ পানীত পাৰ্চেলৰ পাত দি উতলাই ইয়াৰ পিছত এই পানী ঠাণ্ডা কৰি আপুনি দিনটোৰ যিকোনো সময়ত খাব পাৰে। ই আপোনাৰ শৰীৰক উদ্যমী কৰি ৰাখিব। যদি আপুনি বিচাৰে, এই পানীয়ত পুদিনা পাতও যোগ কৰিব পাৰে।

তিয়ঁহ আৰু পুদিনা 

এই ঋতুত ডিহাইড্ৰেচনৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি তিয়ঁহ আৰু পুদিনাৰ পৰা প্ৰস্তুত কৰা পানীও খাব পাৰে।গোটেই দিনটো যদি আপুনি এই পানী খাই, আপোনাৰ শৰীৰ হাইড্ৰেটেড হৈ থাকিব। 

পান মছলা আৰু আজৱাইন

গ্ৰীষ্মকালত ‘হিট ষ্ট্ৰ’ক’ আৰু গেছৰ সমস্যাৰ পৰা সকাহ পাবলৈ পানমছলা আৰু আজৱাইনৰ পানী আপুনি সেৱন কৰিব পাৰে। অলপ পানীত এক চামুচকৈ এই দুয়োটা বস্তু ভালদৰে উতলাই ঠাণ্ডা কৰি ল’ব। দিনটোৰ যিকোনো সময়ত এই পানী সেৱন কৰিব পাৰে।

গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ পানীয়ৰ প্ৰতি দিয়ক বিশেষ গুৰুত্ব
বহু গুৰুতৰ ৰোগৰ পৰা শৰীৰক সুৰক্ষিত কৰে ডালিমে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in