অনিদ্ৰাৰ পৰা হাত সৰাৰ একেবাৰে সহজ উপায়

অনিদ্ৰাৰ পৰা হাত সৰাৰ একেবাৰে সহজ উপায়
Published on
Updated on

ডিজিটেল ডেস্ক: যদি আপোনাৰো জীৱনৰ সমস্যাবোৰৰ বিষয়ে ভাবি-গুণি ৰাতি টোপনি নহাৰ সমস্যা হৈছে, তেন্তে এই সমস্যাৰ সামাধান আছে।হয়, আপোনাৰ নিশাৰ আহাৰত কেইটামান বিশেষ ফল অন্তৰ্ভূক্ত কৰিয়েই আপুনি অনিদ্ৰাৰ পৰা হাত সাৰি থাকিব পাৰে। শৰীৰটো সুস্থ-সবল হৈ থাকিব বাবে প্ৰতিদিনে সাত বা আঠ ঘণ্টা টোপনি যোৱাটো খুবেই জৰুৰী।কিন্তু, আজিৰ ব্যস্ত জীৱনত সদায়েই পৰ্যাপ্ত টোপনি যোৱাটো সকলোৰে বাবে সম্ভৱপৰ নহ'ব পাৰে।যিয়ে, মানসিক স্বাস্থ্যতো বেয়া প্ৰভাৱ পেলাব পাৰে। 

স্বাস্থ্য বিশেষজ্ঞৰ মতে, নিশাৰ আহাৰত কেতবোৰ ফল খালে টোপনি খুব ভালকৈ আহে।এই ফলত থকা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ, মেলাটোনিন আৰু পটাছিয়ামৰ বাবে ভালদৰে টোপনি যোৱাত ই সহায় কৰিব পাৰে।এই ফল কেইবিধ হৈছে-

আপেল

বিশেষজ্ঞসকলৰ মতে, আপেল হৈছে পুষ্টিৰ এক উৎকৃষ্ট উৎস, যি নিশাৰ ভাল টোপনিত অৰিহণা যোগায়।আপেল ভিটামিন আৰু মেলাটোনিনৰে সমৃদ্ধ, যিয়ে নিশাৰ সাৰ পোৱা প্ৰতিহত কৰাত সহায় কৰে। আপেলত থকা ভিটামিন বি-৬য়েও অনিদ্ৰা হ্ৰাস কৰিব পাৰে।তদুপৰি, ইয়াত থকা আঁহ আৰু প্ৰাকৃতিক শৰ্কৰাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ স্থিৰ হয় আৰু ব্যক্তি এজনৰ সাধাৰণ মনোভাৱ উন্নত হয় আৰু লগতে সামগ্ৰিক সুস্থতা অক্ষুন্ন থাকে।

চেৰী

চেৰীয়ে শৰীৰত এণ্টি-অক্সিডেণ্ট মেলাটোনিনৰ স্তৰ বৃদ্ধি কৰিব পাৰে, যিয়ে টোপনি অহাত সহায় কৰে। লুইজিয়ানা ষ্টেট ইউনিভাৰ্চিটিৰ এক অধ্যয়নতো চেৰীৰ ৰস খোৱাটোৱে অনিদ্ৰা উপশম কৰাত সহায় কৰিব পাৰে বুলি প্ৰমাণ পোৱা গৈছে।

কিৱি

কিৱিত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। বিশেষকৈ ভিটামিন চি, ই, পটাছিয়াম আৰু ফলেট কিৱিত ভৰপুৰ মাত্ৰাত পোৱা যায়। পুষ্টিবিদসকলৰ মতে, শোৱাৰ আগতে কিৱি খালে ই টোপনিৰ মানদণ্ড উন্নত কৰিব পাৰে। গৱেষকসকলে এইটোও বিশ্বাস কৰে যে কিৱি চেৰোটনিনত সমৃদ্ধ, যিয়ে টোপনিত সহায় কৰে।

কল 

কলক পুষ্টিৰ শক্তিক্ষেত্ৰ বুলি গণ্য কৰা হয় আৰু শোৱাৰ ঠিক আগতে কল খোৱাটোৱে নিদ্ৰাহীনতাৰ সমস্যা সমাধান কৰিব পাৰে। কলত উচ্চ পৰিমাণৰ মেগনেছিয়াম আৰু পটাছিয়াম থাকে, যিয়ে পেশী শিথিল কৰিব পাৰে। ইয়াৰ লগতে, ইয়াত ট্ৰিপ্টোফেন থাকে, যিয়ে মনোভাৱ নিয়ন্ত্ৰণ কৰে আৰু শিথিলতা বৃদ্ধি কৰে। 

আনাৰস

আনাৰসতো মেলাটোনিন, ভিটামিন চি, মেগনেছিয়াম আৰু আঁহ থাকে। এই সকলোবোৰে টোপনি আৰু জাগ্ৰত চক্ৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে আনাৰস খোৱাৰ পিছত মেলাটোনিন মাৰ্কাৰবোৰ শৰীৰত বৃদ্ধি হয়, যাৰ ফলত আপুনি নিশা সোনকালে টোপনি যায়। আনাৰসত ব্ৰোমেলাইন থাকে, যি ইয়াৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণৰ বাবে পেশীশিথিল কৰাত সহায় কৰে আৰু টোপনি ভাল কৰে। 

অনিদ্ৰাৰ পৰা হাত সৰাৰ একেবাৰে সহজ উপায়
নিশা টোপনি নহাৰ কাৰণ এইকেইটা, অভিভাৱকসকল সাৱধান হওক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in