এইকেইবিধ খাদ্য সামগ্ৰী কেতিয়াও ফ্ৰীজত নাৰাখিব

এইকেইবিধ খাদ্য সামগ্ৰী কেতিয়াও ফ্ৰীজত নাৰাখিব
এইকেইবিধ খাদ্য সামগ্ৰী কেতিয়াও ফ্ৰীজত নাৰাখিব
Published on
Updated on

ডিজিটেল ডেস্ক: দীৰ্ঘসময়ৰ বাবে সতেজ তথা ভালে ৰাখিবলৈ আমি শাক-পাচলিবোৰ ফ্ৰীজত থওঁ।কিন্তু সকলো খাদ্যবস্তুৰ বাবে ফ্ৰীজৰ প্ৰয়োজন নহয়।ফ্ৰীজৰ ঠাণ্ডা বতাহে কিছুমান স্বাস্থ্যকৰ খাদ্যবস্তুৰ পুষ্টিগত মূল্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।ফ্ৰীজত থোৱাৰ প্ৰয়োজন নথকা এনে কেইবিধমান শাক-পাচলি হৈছে-

বিলাহী 

ফ্ৰীজত বিলাহী থ’লে ই নিজস্ব সোৱাদ হেৰুৱাই পেলায়।সেয়ে ইয়াৰ সোৱাদ অখুন্ন ৰাখিবলৈ বাহিৰতে থোৱা ভাল। 

কল 

ঠাণ্ডা ঠাইত থ’লে কল সোনকালে নপকে। পকিবলৈ হ'লে কলক এক মধ্যমীয়া তাপমাত্ৰাৰ প্ৰয়োজন। অৱশ্যে, যদি আপুনি কলক দীৰ্ঘদিনলৈ কেচাকৈ ৰাখিব বিচাৰে তেতিয়া ফ্ৰীজত থ’ব পাৰে।কিন্তু বেছিদিন ফ্ৰীজত থাকিলে কল ক'লা হোৱাৰ সম্ভাৱনা থাকে।

বেঙেনা 

বেঙেনা হৈছে উষ্ণতা সংবেদনশীল পাচলি। যাৰ বাবে ইয়াক ফ্ৰীজত দীঘলীয়া সময়ৰ বাবে ৰাখিলে ক্ষতিকাৰক হ'ব পাৰে।১০ ডিগ্ৰী ছেণ্টিগ্ৰেডৰ তলৰ তাপমাত্ৰাই বেঙেনাৰ গাঁথনিৰ লগতে সোৱাদ ক্ষতিগ্ৰস্ত কৰিব পাৰে। সেয়ে বেঙেনাক কোঠাৰ উষ্ণতাতে ৰাখিব লাগে।

মৌ

মৌক দীৰ্ঘসময়ৰ বাবে ভালে ৰাখিবলৈ ফ্ৰীজত থোৱাৰ প্ৰয়োজন নাই।মৌ ফ্ৰীজত ৰাখিলে ই অখাদ্য হৈ উঠিব পাৰে আৰু টান হৈ খোৱাৰ অনুপযোগী হৈ পৰিব পাৰে।

নহৰু

নহৰু ফ্ৰিজত থোৱা খাদ্য সামগ্ৰী নহয়।ফ্ৰীজত থোৱাৰ ফলত ইয়াৰ গজালি আহিব পাৰে। নহৰু সদায় মুকলি ঠাইত ৰাখিব লাগে।

পিয়াঁজ

পিয়াঁজ ফ্ৰীজত থ’লে ই কোমল হৈ পৰে।নহৰুৰ দৰে পিজায়কো মুকলি ঠাই ৰাখি দীৰ্ঘদিনলৈ ভালে ৰাখিব পাৰি।

আলু 

শীতল তথা শুকান ঠাইত সংৰক্ষণ কৰিলে আলুৰ সোৱাদ যথেষ্ট বৃদ্ধি হয়। আলু ফ্ৰীজত ৰাখিলে পচি যোৱাৰ সম্ভাৱনা থাকে আৰু ইয়াৰ সোৱাদো মিঠা হৈ পৰে।

এইকেইবিধ খাদ্য সামগ্ৰী কেতিয়াও ফ্ৰীজত নাৰাখিব
এইকেইটা সহজ উপায়ৰে দূৰ কৰক ফ্ৰীজৰ দুৰ্গন্ধ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in