বহু গুৰুতৰ ৰোগৰ কাৰণ নিচাজাতীয় সামগ্ৰী

নিচাজাতীয় সামগ্ৰী গ্ৰহণৰ ফলত শৰীৰত বহু ৰোগৰ সৃষ্টি হ’ব পাৰে।আজি এই বিষয়ে জানো আহক

author-image
Asomiya Pratidin
New Update
বহু গুৰুতৰ ৰোগৰ কাৰণ নিচাজাতীয় সামগ্ৰী

বহু গুৰুতৰ ৰোগৰ কাৰণ নিচাজাতীয় সামগ্ৰী

ডিজিটেল ডেস্ক: আজিৰ সমাজখন উশৃংখল হৈ পৰাৰ মূলতে হৈছে নিচা।নিচাজাতীয় দ্ৰৱৰ কৱলত পৰি বহু কমবয়সীয়া লোকৰ প্ৰাণ গৈছে।নিচায়ে কেৱল শাৰিৰীকভাৱেই নহয়, ই ব্যক্তিজনৰ মানসিক অৱস্থাকো প্ৰভাৱিত কৰে। নিচাজাতীয় সামগ্ৰী গ্ৰহণৰ ফলত শৰীৰত বহু ৰোগৰ সৃষ্টি হ’ব পাৰে।আজি এই বিষয়ে জানো আহক-

হাঁওফাঁওৰ সমস্যা

ধূমপান তথা নিচা স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক সেয়া হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই। ইয়াৰ ফলত দীৰ্ঘম্যাদী ব্ৰংকাইটিছ, এম্ফিচেমাৰ দৰে বিপদজনক হাঁওফাঁওৰ ৰোগ হ'ব পাৰে। এই ৰোগবোৰৰ কৱলত পৰিলে আপুনি কেতিয়াও আৰোগ্য নহয়।এই ৰোগৰ বাবে ব্যক্তিজন সকলো সময়তে শ্বাসৰুদ্ধ হৈ থাকে, খোজ কাঢ়িবলৈ সমস্যা হোৱাৰ লগতে সকলো সময়তে কাহৰ দৰে গুৰুতৰ সমস্যা হয়।

টিবি 

নিচাৰ আসক্তিৰ ফলত যক্ষ্মাৰ দৰে বিপদজনক ৰোগো হ'ব পাৰে। বহুলোকে নিচাৰ বাবে বেজী ব্যৱহাৰ কৰে। এই বেজীটো স্বাস্থ্যৰ বাবে অতি বেছি ক্ষতিকাৰক।

মানসিক ৰোগ 

নিচা আসক্তিয়ে কেৱল শৰীৰৰ ক্ষতিয়েই নকৰে, ই আপোনাৰ মানসিক স্বাস্থ্যৰো ক্ষতি কৰে। বহুতো প্ৰতিবেদনত ইতিমধ্যে প্ৰমাণিত হৈছে যে যিসকলে অধিক সুৰা আৰু চিগাৰেট খায় বা ড্ৰাগ সেৱন কৰে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে। সকলো সময়তে সুৰাপান কৰাৰ ফলত চাপ, হতাশা, মুৰৰ বিষ, মাইগ্ৰেইন আদিৰ দৰে সমস্যা হয়। ইয়াৰ বাহিৰেও, যদি এজন ব্যক্তিয়ে বিচাৰিলে নিচাজাতীয় সামগ্ৰী লাভ নকৰে, তেন্তে ই তেওঁৰ মনক প্ৰভাৱিত কৰে আৰু তেওঁ মানসিকভাৱে অসুস্থ হৈ পৰে।

হাঁওফাঁওৰ কৰ্কট ৰোগ 

ধূমপানৰ প্ৰভাৱ হাঁওফাঁওৰ ওপৰত বেছি। ধূমপানৰ ফলত বহুলোক কৰ্কট ৰোগৰ ভুক্তভোগী হ'ব পাৰে। পৰিসংখ্যা অনুসৰি, ধপাত সেৱন কৰা ৮০ শতাংশ লোকৰ মৃত্যুৰ কাৰণ কিন্তু হাঁওফাঁওৰ কৰ্কট ৰোগ।বিশেষকৈ যৌৱন কালত ধূমপান কৰিলেও বহুতো সমস্যা হ'ব পাৰে।

Also Read: মগজুক সুস্থ কৰি ৰাখিবলৈ আপুনি সলাব লাগিব জীৱনশৈলী