ৰাতিপুৱা-গধূলিৰ চাহ কাপ আদা দি বনাব

ৰাতিপুৱা-গধূলিৰ চাহ কাপ আদা দি বনাব
Published on
Updated on

ডিজিটেল ডেস্ক: চাহ হয়তো প্ৰতিজন ভাৰতীয়ৰে প্ৰিয়।বিশেষকৈ শীতকালছোৱাত অধিকাংশ লোকেই চাহৰ প্ৰতি একপ্ৰকাৰ আষক্ত হৈ পৰে।ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ কোনে কিমান চাহ সেৱন কৰে, তাৰ হিচাপেই নাথাকে।বহুতেই আকৌ চাহত আদা দি খাই খুব ভাল পায়।আদা দিয়া চাহ স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী।আজি এই বিষয়ে জানো আহক- 

আদাৰ গুণাগুণ

- আদাৰ প্ৰভাৱ গৰম, সেয়েহে ইয়াক সেৱন কৰিলে শৰীৰত উষ্ণতা বৰ্তি থাকে।

- ইয়াত বহুতো ভিটামিন থাকে।তাৰ ভিতৰত অন্যতম ভিটামিন-এ, ভিটামিন ডি আৰু ভিটামিন ই।

- কেলচিয়াম, মেগনেছিয়াম, জিংক আৰু আইৰণ আদি পুষ্টিৰে সমৃদ্ধ আদা।

- আদাত যথেষ্ট পৰিমাণে অক্সিডেণ্ট থাকে, যি শৰীৰৰ ভিতৰত সৃষ্টি হোৱা মুক্ত ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা সুৰক্ষা দিয়ে।

আদা চাহ খোৱাৰ লাভালাভ

- শীতকালত সঘনাই প্ৰস্ৰাৱৰ সমস্যা হ'ব পাৰে।সেয়েহে যদি আপুনি দিনত আদা দিয়া চাহ দুবৰকৈ হ’লেও সেৱন কৰে, তেতিয়া এই সমস্যাৰ সন্মুখীন হ’ব নালাগে। 

- এই চাহে চৰ্দি আৰু কাহৰ পৰা সুৰক্ষা দিয়ে।

-  আদাৰ চাহে মুৰৰ বিষৰ পৰাও সকাহ দিয়া ।

- আদাৰ চাহে ভাইৰাছ আৰু বেক্টেৰিয়া বৃদ্ধি হোৱা প্ৰতিহত কৰে, যাৰ ফলত ঋতুগত ৰোগবোৰ আঁতৰত থাকে।

- আদা চাহ খালে হজম শক্তিশালী হৈ থাকে, যি পাকস্থলীত গধুৰতা আৰু পেট ফুলা আদিৰ দৰে সমস্যা নিয়ন্ত্ৰণ কৰে।

- বৃক্কৰ সমস্যা পৰিহাৰ কৰাত আদা চাহ সহায়ক।

আপুনি এদিনত কিমান আদাৰ চাহ খাব পাৰে?

- স্বাস্থ্যৱান হৈ থাকিবলৈ, আপুনি দিনে ২ৰ পৰা ৩ বাৰ আদা দিয়া চাহ খাব পাৰে। ইয়াৰ বাহিৰেও দাইল আৰু পাচলিতো আদা ব্যৱহাৰ কৰিব।

ৰাতিপুৱা-গধূলিৰ চাহ কাপ আদা দি বনাব
একেখিনি চাহকে বাৰে বাৰে গৰম কৰি নাখাব, হ’ব পাৰে ভয়াৱহ বিপদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in