অতি পুষ্টিসমৃদ্ধ এই খাদ্য, আপুনিও জানি লওঁক

অতি পুষ্টিসমৃদ্ধ এই খাদ্য, আপুনিও জানি লওঁক
Published on
Updated on

ডিজিটেল ডেস্ক: নৱজাতকৰ বাবে মাতৃৰ গাখীৰেই হৈছে আটাইতকৈ উত্তম খাদ্য । শিশুটোৰ সুস্থ বিকাশ আৰু শৰীৰে লাগতিয়াল পুষ্টি লাভৰ বাবে মাতৃৰ গাখীৰ অতি উপকাৰী বুলি গণ্য কৰা হয়।সেয়েহে বিশেষজ্ঞসকলেও শিশুক ছয় মাহলৈ কেৱল মাতৃৰ গাখীৰ খুওৱাৰ পৰামৰ্শ দিয়ে। ছয় মাহৰ পিছত শিশুটোক সহজে হজম কৰিব পৰা খাদ্য দিয়া উচিত। ইয়াৰ লগতে সুস্বাস্থ্য বৰ্তি থকাৰ বাবে তেওঁলোকক ভিটামিন আৰু খনিজ পদাৰ্থ সমৃদ্ধ খাদ্য খাবলৈ দিয়াটোও খুবেই দৰকাৰী। বিশেষকৈ যদি প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হৈছে, তেনেহ’লে আপুনি ছয়মহীয়া শিশুটিক কি খাদ্য খুৱাব সেয়া ভালদৰে জনা উচিত।আজি এই বিষয়ে জানো আহক-

আপেল পিউৰী

শিশুটিৰ বয়স ছয়মাহ হোৱাৰ পাছত আপুনি তেওঁলোকক আপেল পিউৰী খুৱাব পাৰে। আপেল পিউৰী খনিজ আৰু পুষ্টিৰে সমৃদ্ধ।সেয়েহে আপুনি ইয়াক শিশুটিৰ দৈনিক খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব পাৰে।এই পিউৰীৰ বাবে এটা আপেলৰ বাকলি গুচাই সৰু টুকুৰা কৰি ভাপত অলপ সিজাই ল'ব। ইয়াৰ পাছত ভালদৰে পিটিকি শিশুটিক খুৱাবলৈ যত্ন কৰিব।

ব্ৰকলী পিউৰী 

ব্ৰকলী বহু পুষ্টিৰে সমৃদ্ধ। ইয়াত বিভিন্ন প্ৰকাৰৰ ভিটামিন আৰু খনিজ থাকে।সেয়েহে ই শিশুৰ স্বাস্থ্যৰ বাবে খুব উপকাৰী।এটা ব্ৰকলী সৰু সৰকৈ কাটি জোখমতে নিমখ আৰু হালধি দি ভাজি ল'ব।তাৰ পাছত ভজা ব্ৰকলীখিনি ভালদৰে মিক্সাৰত পিছি লৈ শিশুক খুৱাব পাৰিব।আনহাতে, শিশুৰ আন খাদ্যৰ লগতো এই পিউৰী মিহলি কৰি শিশুক খুৱাব পাৰে।

মগু দাইলৰ খিচিৰি

যদি আপোনাৰ শিশুটিৰ বয়স ছয়মাহ হৈছে, তেতিয়া আপুনি তেওঁলোকক মগু দাইলৰে তৈয়াৰী খিচিৰি খুৱাব পাৰে।শিশুটিক খুওৱাৰ আগতে খিচিৰিখিনিত অলপ ঘিউ মিহলি কৰি দিব। খিচিৰি শিশুৰ বাবে অতি উত্তম খাদ্য।ই শিশুটিৰ সুস্থ বিকাশত যথেষ্ট সহায়ক।

দাইল পানী 

দাইলত বহুতো অত্যাৱশ্যকীয় ভিটামিন তথা খনিজ থাকে। যাক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।আপোনাৰ শিশুটিক স্বাস্থ্যৱান কৰি ৰাখিবলৈ আপুনি দাইলৰ পানী খুৱাব পাৰে।। 

ওটছ পিউৰী 

ওটছৰ পিউৰী শিশুৰ বাবে খুবেই উপকাৰী।আপুনি ওটছখিনি ভালদৰে গুৰি কৰি গাখীৰৰ সৈতে ৰান্ধিব পাৰে। যদি আপুনি বিচাৰে, সোৱাদৰ বাবে ইয়াত কল বা আন যিকোনো ফল যোগ দিব পাৰে।

অতি পুষ্টিসমৃদ্ধ এই খাদ্য, আপুনিও জানি লওঁক
এইদৰে লওক শিশুটিৰ চুলিৰ যতন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in