দাঁত ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

দাঁত ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ
Published on
Updated on

ডিজিটেল ডেস্ক: যদি এজন লোকৰ মুখৰ ভিতৰখন লেতেৰা হৈ থাকে, তেন্তে অতি সোনকালে তেওঁ গুৰুতৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। এয়া পিছে আমি কোৱা কথা নহয়। এই মত স্বাস্থ্য বিশেষজ্ঞৰ। সেয়েহে, মুখৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সদায় যত্ন লোৱাটো খুবেই জৰুৰী। মুখৰ ভিতৰখন পৰিস্কাৰ কৰিবলৈ ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পিছত আৰু ৰাতি টোপনি যোৱাৰ আগতে দাঁত ব্ৰাছ কৰিব লাগে। ই মুখত থকা বেক্টেৰিয়া আৰু বীজাণু পৰিস্কাৰ কৰে।অন্যথা এই বেক্টেৰিয়াবোৰ  পাকস্থলীলৈ যায়। যাৰ ফলত আমাৰ বহু গুৰুতৰ স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। আজিকালি বহু লোকেই ব্ৰাছ নকৰাকৈ ‘বেড টি’ বা আন খাদ্য গ্ৰহণ কৰে।ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ ফলত কি স্বাস্থ্য সমস্যাৰ উদ্ভৱ হ’ব পাৰে, আজি জানো আহক-

হৃদৰোগৰ আশংকা 

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ব্ৰাছ নকৰাকৈ খোৱাৰ ফলত হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি হয়। দাঁতত জমা হোৱা প্লেক, বেক্টেৰিয়া আৰু লেতেৰা শৰীৰলৈ যায় আৰু হৃদযন্ত্ৰৰ স্নায়ু অৱৰোধ কৰে। ইয়াৰ ফলত হৃদযন্ত্ৰলৈ ৰক্ত সঞ্চালনো হ্ৰাস হয় আৰু হৃদআক্ৰমণৰ আশংকা বৃদ্ধি হয়। 

মুখৰ গোন্ধ 

যেতিয়াই আমি ৰাতিপুৱা সাৰ পাওঁ, মুখৰ পৰা দুৰ্গন্ধ ওলায়। ইয়াৰ কাৰণ হৈছে যে ৰাতি আপোনাৰ মুখখন আপুনি পৰিস্কাৰ কৰা নাই।ৰাতিপুৱা-ৰাতি ব্ৰাছ কৰাৰ ফলত মুখৰ গোন্ধ আঁতৰ হয় আৰু উশাহ সতেজ হয়।

গৰ্ভৱতী মহিলাৰ ক্ষতি 

যদি গৰ্ভৱতী মহিলাই ব্ৰাছ নকৰাকৈ কিবা খায়, ই কেৱল তেওঁলোকৰ স্বাস্থ্যই নহয়, গৰ্ভত থকা শিশুৰ স্বাস্থ্যকো প্ৰভাৱিত কৰে। ইয়াৰ ফলত অকাল প্ৰসৱ, সন্তানৰ জন্মৰ সময়ত ওজন কম তথা শিশুটোৰ আন বহুতো সমস্যা হ'ব পাৰে।

দাঁতৰ গুৰি দুৰ্বল 

দৈনিক সঠিক ৰূপত ব্ৰাছ নকৰাৰ ফলত দাঁতৰ গুৰিৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে। বিশেষকৈ ইয়াৰ ফলত দাঁতৰ গুৰি দুৰ্বল হৈ পৰে। ক্ষতিকাৰক বেক্টেৰিয়াৰ ফলত দাঁতৰ গুৰি ফুলা, ৰক্তক্ষৰণৰ দৰে সমস্যাও উদ্ভৱ হব পাৰে। সেয়েহে, সদায় ৰাতিপুৱা-ৰাতি ব্ৰাছ কৰিব লাগে।

দাঁত ব্ৰাছ নকৰাকৈ খাদ্য খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ
এনেদৰে চুলিৰ যত্ন লৈ আত্মবিশ্বাসী হৈ থাকক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in