সুস্থ হৈ থাকিবলৈ বিচাৰে যদি আজিয়েই সলনি কৰক খাদ্য তালিকা

সুস্থ হৈ থাকিবলৈ বিচাৰে যদি আজিয়েই সলনি কৰক খাদ্য তালিকা
Published on
Updated on

ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে এতিয়া কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ আশংকা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এই বিপদজনক ৰোগৰ পৰা বাচি থাকিবলৈ আপুনি আপোনাৰ জীৱনশৈলী সলনি কৰিটো খুবেই দৰকাৰী আন দিশসমূহৰ লগতে আপুনি  বিশেষকৈ খাদ্য গ্ৰহণত সৰ্তক হ'ব লাগিব। হয়, কেতবোৰ বিশেষ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি আপুনি কৰ্কট ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰে। কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰা ৫বিধ ছুপাৰফুডৰ বিষয়ে আজি জানো আহক- 

ব্লুবেৰী 

কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত ব্লুবেৰী যথেষ্ট সহায়ক। ভিটামিন-চি, মেঙ্গানিজ, ভিটামিন-কে আৰু ইয়াত থকা আঁহে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে। 

ডালিম

ডালিম হৈছে এক কৰ্কট ৰোধী ফল। ইয়াত থকা এণ্টি-অক্সিডেণ্টবোৰ এই মাৰাত্মক ৰোগ পৰিহাৰ কৰাত সহায়ক হয়।সেয়েহে আপুনি দৈনিক আহাৰত ডালিম বা ইয়াৰ ৰস খোৱা উচিত।

ব্ৰকলি 

ইয়াত থকা এনজাইমবোৰ কৰ্কট ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰে।ব্ৰকলিত থকা চেলফোৰাফেনে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।যাৰ বাবে, এই মাৰাত্মক ৰোগ পৰিহাৰ কৰিবলৈ আপুনি দৈনিক আহাৰত ব্ৰকলি অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী।

বিলাহী

বিলাহীত যথেষ্ট পৰিমাণে লাইকোপেন আৰু এণ্টিঅক্সিডেণ্ট গুণ থাকে, যিয়ে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ই কোষবোৰ সুৰক্ষিত কৰে। এই ৰোগ পৰিহাৰ কৰিবলৈ নিয়মীয়াকৈ বিলাহী আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব।

পালেং শাক

পালেং শাকত বিটা-কেৰোটিন, ফাইবাৰ, ফোলেট আৰু অন্যান্য ভিটামিন থাকে, যি কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰে। পালেং শাক আপুনি চালাড, চুপ বা পাচলি হিচাপে দৈনিক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। 

সুস্থ হৈ থাকিবলৈ বিচাৰে যদি আজিয়েই সলনি কৰক খাদ্য তালিকা
ডায়েবেটিছকে ধৰি বহু ৰোগ নিয়ন্ত্ৰণত সহায়ক তেজপাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in