ডিজিটেল ডেস্ক: খাদ্যৰ প্ৰতি অসচেতন আৰু ভুল জীৱনশৈলীৰ বাবে বহু লোকে কলেষ্টেৰলৰ সমস্যাত ভূগিছে। বেয়া কলেষ্টেৰল(এলডিএল)ৰ বৃদ্ধিৰ ফলত হৃদৰোগৰ আশংকা এশ শতাংশই বৃদ্ধি হয়। সেয়েহে, এই ৰোগক সময়মতে চিনাক্ত কৰি চিকিৎসা কৰাটো অতি গুৰুত্বপূৰ্ণ। বেয়া কলেষ্টেৰল বৃদ্ধিৰ কিছুমান লক্ষণ আছে, যিসমূহ কেৱল ৰাতিয়েই দেখা যায়। এই লক্ষণসমূহ হৈছে-
ভৰি টানি ধৰা আৰু বিষ
ভৰি ফুলা, টানি ধৰা বা নিশা বিষ হোৱাটো কলেষ্টেৰল বৃদ্ধি হোৱাৰ লক্ষণ। এনে হোৱাৰ কাৰণ হৈছে বেয়া কলেষ্টেৰলে ৰক্ত সঞ্চালন প্ৰভাৱিত কৰে, যাৰ ফলত ভৰিত বিষ হয়। যদি আপোনাৰ প্ৰতিদিনে এই সমস্যা হয়, তেন্তে কলেষ্টেৰল পৰীক্ষা কৰা উচিত।
উশাহ চুটি হোৱা
যদি শোৱাৰ সময়ত বা শুই থাকোঁতে উশাহ লোৱাত অসুবিধা হয়, ই কলেষ্টেৰল বৃদ্ধি হোৱাৰ লক্ষণ হ'ব পাৰে। ইয়াক উপেক্ষা নকৰিব।
ঘাম ওলোৱা
ৰাতিৰ আহাৰ খোৱাৰ পিছত হঠাতে ঘাম ওলোৱাটো কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ হ'ব। যদি এচি বা ফেনৰ বতাহ লোৱাৰ স্বত্বেও ঘাম ওলাইছে, ইয়াক সহজভাৱে নল'ব।
নিদ্ৰাহীনতা
যদি আপুনি বিচনালৈ গৈ ঘন্টাৰ পিছত ঘণ্টা শুব নোৱাৰে, তেনেহ'লে এয়াও কলেষ্টেৰল বৃদ্ধিৰ এক সতৰ্কবাণী হ'ব পাৰে। বৰ্ধিত কলেষ্টেৰলৰ ফলত মগজুলৈ সঠিকভাৱে অক্সিজেন যাব নোৱাৰে, যাৰ ফলত শোৱাত অসুবিধা হয়।
ঠাণ্ডা ভৰি
শীতকালত আপোনাৰ ভৰি ঠাণ্ডা হোৱাটো সচৰাচৰ হয়, কিন্তু যদি আপোনাৰ ভৰি সদায় ঠাণ্ডা হৈ থাকে, ই বৰ্ধিত কলেষ্টেৰলৰ লক্ষণ হ'ব পাৰে।
কিদৰে হ্ৰাস কৰিব বেয়া কলেষ্টেৰল ?
১. দৈনিক ২০-৩০ মিনিটৰ বাবে ব্যায়াম বা খোজ কাঢ়িব।
২. গোটেই দিনটো পৰ্যাপ্ত পানী খাব।
৩. প্ৰতিদিনে যিকোনো এটা আহাৰত চালাড অন্তৰ্ভুক্ত কৰিব।
৪. ওজন যাতে বৃদ্ধি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি সন্তুলিত আহাৰ খাব।
৫. পৰিশোধিত তেলৰে তৈয়াৰ কৰা খাদ্য পৰিহাৰ কৰক আৰু পাতল সতেজ খাদ্য খাবলৈ লওঁক।
Also Read: নিঃশেষ হ'ব কলেষ্টেৰল! খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ উপাদান...