সুস্থ হৈ থাকিবলৈ মন যদি গ্ৰীষ্মকালত সলনি কৰক খাদ্য তালিকা

সুস্থ হৈ থাকিবলৈ মন যদি গ্ৰীষ্মকালত সলনি কৰক খাদ্য তালিকা
Published on
Updated on

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে আমাৰ শৰীৰত পানীৰ অভাৱ, ভাগৰ, খজুৱতি আৰু অস্থিৰতাৰ দৰে সমস্যাবোৰেও দেখা দিয়ে।এই দিনকেইটাত পিয়াহ লাগিলে অধিকাংশই বিভিন্নধৰণৰ শীতল পানীয় গ্ৰহণ কৰে যদিও সেইসমূহে আমাৰ শৰীৰক পুষ্টি প্ৰদান নকৰে।সেয়েহে এই দিনকেইটাত শৰীৰক বিশেষ পুষ্টি প্ৰদানৰ বাবে আপুনি কেতবোৰ খাদ্য খাব লাগে।গ্ৰীষ্মকালত শৰীৰটোক শীতল কৰি ৰখাৰ লগতে পুষ্টি যোগান ধৰা এই ছুপাৰফুড হৈছে-

সতেজ ফল

গ্ৰীষ্মকালত বজাৰত তৰমুজ যথেষ্ট পৰিমাণে থাকে।তৰমুজত যথেষ্ট পৰিমাণে পানী থাকে,যিয়ে আমাৰ শৰীৰটোক হাইড্ৰেটে[ হৈ থকাত সহায় কৰে।আনহাতে, নেমু, আঙুৰ, আম, কমলা, আনাৰস, ষ্ট্ৰবেৰী আৰু বিলাহীৰ দৰে নেমুজাতীয় ফলবোৰত ভিটামিন চি আৰু অন্যান্য অত্যাৱশ্যকীয় পুষ্টি যেনে এ, বি, ই আৰু কে থাকে।সেয়েহে গৰমৰ দিনকেইটাত আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰিবলৈ আপুনি এইসমূহ ফল আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব।

ছ’য়াবিন

গ্ৰীষ্মকালত মাংস খোৱা কমোৱাটো খুবেই দৰকাৰ। কিয়নো মাংস হজমৰ সময়ত শৰীৰত অধিক তাপ উৎপন্ন হয় আৰু শৰীৰটোক গৰম কৰি তোলে। ছ’য়াবিন কণী আৰু মাংসৰ এক ভাল বিকল্প । ই অত্যাৱশ্যকীয় খনিজ, প্ৰ'টিন আৰু বি ভিটামিনেৰে সমৃদ্ধ। 

তিয়ঁহ

এইবিধ গ্ৰীষ্মকালীন ছুপাৰফুড ৯৬ শতাংশ পানীৰে গঠিত।তিঁয়হ আমাৰ শৰীৰৰ বাবে এক তাৎক্ষণিক হাইড্ৰেটৰ হৈ পৰে। ১০০ গ্ৰাম তিয়ঁহত মাত্ৰ ১৬ কেলৰি থাকে আৰু ই প্ৰচুৰ আঁহসমৃদ্ধ। আপুনি তিঁয়হক হাইড্ৰেটিং ফেচ মাস্ক হিচাপেও ব্যৱহাৰ কৰিব পাৰে।

ডিমৰু

গ্ৰীষ্মকালত ডিমৰু খোৱাটোও স্বাস্থ্যৰ পক্ষে খুব লাভজনক।ডিমৰু হৈছে কেলচিয়াম, পটাছিয়াম আৰু মেগনেছিয়ামৰ এক ভাল উৎস।হাড়ৰ বাবেও ডিমৰু খোৱাটো ভাল। ডিমৰুত প্ৰাকজৈৱিক থাকে যি অন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে।

সুস্থ হৈ থাকিবলৈ মন যদি গ্ৰীষ্মকালত সলনি কৰক খাদ্য তালিকা
বহু ৰোগৰ লক্ষণ দেখা যায় নখত, সলনি কৰক খাদ্য তালিকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in