ডিজিটেল ডেস্ক: উত্তৰ পূৱ ভাৰতৰ এখন অন্যতম উল্লেখনীয় ৰাজ্য অসম।চালে চকু ৰোৱা প্ৰাকৃতিক পৰিৱেশৰ লগতে অসমত থকা আপুৰুগীয়া সম্পদবোৰে দেশ-বিদেশৰ পৰ্যটকক বাৰুকৈয়ে আকৰ্ষিত কৰে।যাৰ বাবে দেশৰ পৰ্যটনৰ ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমে।বহু ঐতিহ্যৰেও সমৃ্দ্ধ আমাৰ অসম ৰাজ্য।অসমত হাজাৰ হাজাৰ বছৰীয়া পুৰণি ঐতিহ্যক্ষেত্ৰ আছে, যিয়ে অসমক এক বিশেষ মৰ্য্যদা প্ৰদান কৰে।অসমত থকা উল্লেখ্যনীয় ঐতিহাসিক ক্ষেত্ৰবোৰ হৈছে-
পোৱা মক্কা
উত্তৰ পূৰ্বাঞ্চলৰ ইছলাম ধৰ্মৰ লোকসকলৰ অন্যতম উপাসনাস্থলী পোৱা মক্কা।পোৱা মক্কা কামৰূপ গ্ৰাম্য জিলাৰ হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত।এক ফাৰ্চী লিপি মতে মোগল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল।জনশ্ৰুতি মতে, মক্কাৰ এপোৱা মাটি আনি পোৱামক্কা নিৰ্মাণ কৰা হৈছিল।ইছলাম ধৰ্মালম্বীসকলে পোৱামক্কা দৰ্শন কৰিলে চৌদি আৰৱৰ পৱিত্ৰ নগৰী মক্কা দৰ্শনৰ এক চতুৰ্থাংশ পুণ্য লাভ কৰে বুলি বিশ্বাস কৰে।
ৰংঘৰ
অসমত আহোমৰ ছশবছৰীয়া ৰাজত্বকালৰ সাক্ষী ৰংঘৰ।ৰংঘৰ এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল।ৰংঘৰ শিৱসাগৰ চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ আঁতৰত অৱস্থিত। ইয়াৰ পৰাই এসময়ত ৰাজ-পৰিয়াল আৰু বিশিষ্ট ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, শেন যুঁজকে প্ৰমুখ্য কৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। ৰংঘৰক এছিয়াৰ প্ৰথমটো পেভিলিয়ন বুলিও আখ্যা দিয়া হয়।ৰংঘৰ আহোম সাম্ৰাজ্যৰ ৰাজধানী ৰংপুৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল।
তলাতল ঘৰ
তলাতল ঘৰ আহোম সাম্ৰাজ্যৰ স্মৃতি চিহ্নসমূহৰ ভিতৰত আকাৰত আটাইতকৈ ডাঙৰ। তলাতল ঘৰক ৰংপুৰ প্ৰাসাদ বুলিও জনা যায়।তলাতল ঘৰ শিৱসাগৰৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল।এই মহলটো আচলতে আহোম স্থাপত্যকলাৰ এক উল্লেখযোগ্য নিদৰ্শন। তলাতল ঘৰ আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই তেওঁৰ ৰাজত্ব কালত ১৭৫১ চনৰ পৰা ১৭৬৯ চনৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছিল। এই ৰাজপ্ৰাসাদটোৰ কোঠালীবোৰ সমান্তৰালকৈ সজোৱা আছে। ইয়াৰ প্ৰত্যেকটো কক্ষ একোটা সৰু পথেৰে সংলগ্ন।ইয়াৰ প্ৰথম মহলৰ ওপৰ ভাগ উন্মুক্ত আৰু কোঠালীবোৰ অসমীয়া গৃহবিন্যাস আৰ্হিৰে সজোৱা।এই ৰাজপ্ৰাসাদৰ পশ্চিম দিশত এটি আঠকোণীয়া মন্দিৰ আছে।
সূৰ্য পাহাৰ
সূৰ্য পাহাৰ গুৱাহাটীৰ পৰা প্ৰায় ১৩২ কিলোমিটাৰ আৰু গোৱালপাৰা নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দক্ষিণ-পূৱ দিশত অৱস্থিত অসমৰ এক উল্লেখযোগ্য স্থান। এই ঠাইখন এক পাৰ্বত্য অঞ্চল। ইয়াত প্ৰায় এক কিলোমিটাৰ অঞ্চলজুৰি শিৱলিংগ আৰু হিন্দু, বৌদ্ধ তথা জৈনসকলৰ দেৱ-দেৱীক খোদিত কৰা আছে।স্থানীয় লোকসকলৰ মতে, এই ঐতিহাসিক স্থানত ৯৯,৯৯৯ টা শিৱ লিংগ আছে। সূৰ্য পাহাৰক বহুতো পুৰাতাত্ত্বিক অনুসন্ধানৰ বাবে পুৰাতত্ত্ববিদৰ সোণৰ খনি বুলি জনা যায়।
চৰাইদেউ
শিৱসাগৰ জিলাৰ সোণাৰি নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰতে আছে চৰাইদেউ।চৰাইদেউ এসময়ৰ আহোম ৰাজপৰিয়াল তথা আহোমৰ উচ্চ পদস্থ ৰাজ-বিষয়াসকলৰ সমাধিস্থলী।মাটিৰে নিৰ্মিত পিৰামিড সদৃশ বহু মৈদাম আজিও অক্ষত অৱস্থাত আছে। মৈদামৰ অভ্যন্তৰত থকা ধন-সোণবোৰ অৱশ্যে ব্ৰিটিছসকলে খান্দি লৈ যোৱা বুলি কোৱা হয়।স্থানীয় ৰাইজৰ মতে,চৰাইদেউৰ পাহাৰত আহোমৰ ৰজা আৰু ৰাণীৰ ৪২ টা সমাধি আছে।এই সমাধিসমূহৰ স্থাপত্য ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনা কৰা হয়।
চুকাফা সমন্নয় ক্ষেত্ৰ
চুকাফা সমন্নয় ক্ষেত্ৰ হৈছে অসমৰ অন্যতম উল্লেখযোগ্য ঐতিহাসিক স্থান।এই ক্ষেত্ৰখন অসমৰ প্ৰথম আহোম ৰজা চুকাফাৰ নামত উৎসৰ্গিত।চুকাফা সমন্বয় ক্ষেত্ৰ যোৰহাট আৰু দেৰগাঁৱৰ ওচৰৰ ম’হবন্ধা অৱস্থিত।চুকাফা আছিল আহোম ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠাপক।আহোমসকলে ছশ বছৰৰো অধিক কাল অসমত ৰাজত্ব কৰিছিল।
খাচপুৰ
অসমৰ কাছাৰ জিলাৰ অন্যতম মূখ্য চহৰ শিলচৰৰ পৰা ২০ কিলোমিটাৰ দূৰত অৱস্থিত ঐতিহাসিক খাচপুৰ।পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু খাচপুৰ বৰাক নদীৰ পাৰত অৱস্থিত।খাচপুৰত ডিমাচা ৰাজ্যৰ ধ্বংসাৱশেষ পোৱা যায়। ইয়াত প্ৰাচীন ৰজাৰ মন্দিৰ, এখন টলায়ন গেট আৰু এখন ছান গেট আছে। এই গেট বোৰ বিশেষ কাৰু-কাৰ্যৰে নিৰ্মান কৰা হৈছে,যিয়ে দৰ্শনাৰ্থীৰ বিশেষ দৃষ্টি আৰ্কষণ কৰে।
আজানপীৰ দৰগাহ
আজানপীৰ দৰগাহ অসমৰ হিন্দু-মুছলমানৰ যুগমীয়া সম্প্ৰীতিৰ প্ৰতীক তথা জিকিৰৰ জন্মদাতা আজান পীৰৰ স্মৃতিত নিৰ্মান কৰা এক মছজিদ। আজান পীৰ দৰগাহ শিৱসাগৰ নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগত দিখৌ আৰু ব্ৰহ্মপুত্ৰ নদীৰ সংগমস্থলৰ ওচৰৰ শৰাগুৰি চাপৰিত অৱস্থিত।শৰাগুৰি চাপৰিত এটা ডাঙৰ গড় আৰু এই গড়টোৰ ভিতৰত আন এটা সৰু গড় আছে। এই গড়টোৰ সোঁমাজতে এটা মছজিদ, ওচৰতে এটা কবৰ আৰু এটা পুখুৰী আছে।এই কবৰটোক আজানপীৰ কবৰ বুলি জনা যায়।এই কবৰটো অৱশ্যে পিছত পুনৰ নিৰ্মাণ কৰা হয়।ইয়াত এজোপা শৰা গছো আছে। জনশ্ৰুতি মতে, এই গছজোপাৰ তলতে আজান পীৰে তেওঁৰ সংগীসকলৰ লগত একেলগে জিকিৰ গোৱাৰ লগতে জিকিৰ ৰচনা আৰু চৰ্চা কৰিছিল। এই শৰা গছৰ পৰাই এই ঠাইখনিৰ নাম হ’লগৈ শৰাগুৰি চাপৰি।
অগ্নিগড়
অগ্নিগড় শোণিতপুৰ জিলাৰ সদৰ তথা প্ৰধান নগৰ তেজপুৰত অৱস্থিত।বাণ ৰজাই কন্যা ঊষাৰ সুৰক্ষাৰ স্বাৰ্থত এটা গড় নিৰ্মাণ কৰিছিল।এই গড়টোকে অগ্নিগড় নামেৰে জনাজাত।ইতিহাসৰ মতে, এসময়ত তেজপুৰত বাণ নামৰ এজন শিৱভক্ত অসুৰ ৰজাই ৰাজত্ব কৰিছিল। বাণ ৰজাৰ জীয়ৰী ঊষাৰ সৌন্দৰ্য্য আছিল জগত বিখ্যাত। সেয়ে তেওঁৰ সুৰক্ষাৰ কাৰণে দেউতাকে অগ্নিগড় নামে এটা অগ্নিৰ দ্বাৰা আবৃত দুৰ্ভেদ্য দুৰ্গৰ ভিতৰত কঠোৰ প্ৰহৰাৰ মাজত ৰাখিছিল।তেজপুৰ অগ্নিগড়ৰ লগতে শৈল দ্বাৰ, চিত্ৰলেখা উদ্যান তথা জ্যোতি ভাৰতী আদি ঐতিহাসিক স্মৃতি চিহ্নৰ কাৰণেও বিখ্যাত।
লাডাই গড়
লাডাই গড় অসমৰ অন্যতম প্ৰসিদ্ধ ঐতিহাসিক স্থান।লাডাই গড় যোৰহাটৰ মহানগৰ কেন্দ্ৰৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ দূৰত অৱস্থিত।এই দুৰ্গটো তিনিটা ভাগত বিভক্ত।এই তিনিটা ভাগৰ প্ৰতিটোৰ নিজা শিৰোনাম আছে ।সেইকেইটা হৈছে মেৰা গড়, স্বলত গড় আৰু লাডাই গড়। আহোম ৰজা প্ৰতাপ সিনহাই এই দুৰ্গটো গাওঁবাসীক অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ নিৰ্মাণ কৰিছিল।