মৃতদেহেৰে ভৰি পৰিছে মক্কাঃ এই পৰ্যন্ত মৃত্যু প্ৰায় ১৩০০ হজ যাত্ৰীৰ...

মৃতদেহেৰে ভৰি পৰিছে মক্কাঃ এই পৰ্যন্ত মৃত্যু প্ৰায় ১৩০০ হজ যাত্ৰীৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ চলিত বৰ্ষত পবিত্র হজ পালন কৰিবলৈ গৈ মৃত্যুক সাৱটিলে সহস্ৰাধিক যাত্ৰীয়ে ৷ প্ৰচণ্ড গৰম সহ্য কৰিব নোৱাৰি মক্কাত মৃত্যু হোৱা হজযাত্ৰীৰ সংখ্যা ১৩০০ৰো অধিকলৈ বৃদ্ধি হৈছে। গৰমৰ বাবেই মৃত্যু উপত্যকাত পৰিণত হৈছে পবিত্ৰ ভূমি মক্কা। 

জানিব পৰামতে জানিব পৰা মতে মৃতকৰ বেছিভাগেই ইজিপ্তৰ। হজৰ সময়ত অত্যাধিক গৰমত দেশখনৰ অতি কমেও ৬৫৮ জন লোকৰ মৃত্যু হৈছে। ইণ্ডোনেছিয়া ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

প্ৰায় ৫২ ডিগ্ৰীৰ তাপমাত্ৰাই হজযাত্ৰীসকলক জুৰুলা কৰিছে। গৰমত মৃত্যু হোৱা হজ যাত্ৰীসকলৰ মাজত আছে ৯৮ জনৰো অধিক ভাৰতীয়। এতিয়াও মক্কাত সন্ধানহীন হৈ আছে বহু কেইজন। এই খবৰ নিশ্চিত কৰিছে চৌদি আৰৱৰ এক কূটনৈতিক নেতাই। মৃত্যুৰ তালিকাত পাকিস্তান, মালয়েছিয়া, জৰ্ডান, ইৰাণ, চেনেগাল, চুডান আৰু ইৰাকৰ লোকো আছে বুলি তথ্য পোহৰলৈ আহিছে।

উল্লেখ্য যে, আৰাৱৰ আটাইতকৈ ডাঙৰ মৰ্গ হৈছে আল মুইজেম। এই আল মুইজেম এতিয়া মৃতদেহৰে ভৰি পৰিছে। সময় যিমানেই বাগৰিছে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এতিয়াও অসুস্থ হৈ আছে বহু হজ যাত্ৰী।

মৃতদেহেৰে ভৰি পৰিছে মক্কাঃ এই পৰ্যন্ত মৃত্যু প্ৰায় ১৩০০ হজ যাত্ৰীৰ...
পাৰিবাৰিক কন্দলঃ শিলচৰত পত্নীৰ বঠীৰ আক্ৰমণত ৰক্তাক্ত স্বামী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in