প্ৰধানমন্ত্ৰী বিশেষ প্ৰশিক্ষণ আঁচনিৰ বাবে ১.৫৫ লক্ষাধিক শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন...

প্ৰধানমন্ত্ৰী বিশেষ প্ৰশিক্ষণ আঁচনিৰ বাবে ১.৫৫ লক্ষাধিক শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী বিশেষ প্ৰশিক্ষণ আঁচনিৰ বাবে ১.৫৫ লক্ষাধিক শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন...

ডিজিটেল ডেস্কঃ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ভিতৰত ১.২৫ লাখ ছাত্ৰ-ছাত্ৰীক বিশেষ প্ৰশিক্ষণৰ সুযোগ দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰীৰ বিশেষ প্ৰশিক্ষণ আঁচনি আৰম্ভ কৰিছিল। শিক্ষা বাজেট দাখিল কৰি এই কথা ঘোষণা কৰিছিল বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে।

এই আঁচনিৰ অধীনত সকলো নিৰ্বাচিত আবেদনকাৰীক আৰ্থিক সাহায্য আৰু প্ৰতিমাহে ধন প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল চৰকাৰে। সেই অনুসৰি ১২ অক্টোবৰ, ২০২৪ৰ সন্ধিয়া প্ৰধানমন্ত্ৰী বিশেষ প্ৰশিক্ষণ আঁচনিৰ প'ৰ্টেল মুকলি কৰা হৈছে। প'ৰ্টেল মুকলিৰ এদিনৰ পাছতে ১,৫৫,১০৯জন প্ৰাৰ্থীয়ে প'ৰ্টেলটোৰ জৰিয়তে বিশেষ প্ৰশিক্ষণ আঁচনিত পঞ্জীয়ন কৰিছে।

এই আঁচনিৰ জৰিয়তে এই পৰ্যন্ত ১৯৩ টা প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণৰ সুযোগ প্ৰদান কৰিব। সেই প্ৰতিষ্ঠানসমূহৰ ভিতৰত জুবিলেণ্ট ফুডৱৰ্কছ, মাৰুতি চুজুকি ইণ্ডিয়া, মুথুট ফাইনেন্স, আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ দৰে প্ৰতিষ্ঠানো আছে। এই আঁচনিখনে অইল, গেছ আৰু এনাৰ্জি, ট্ৰেভেল আৰু হস্পিতেলিটি, অ'টোমোবাইল, আৰু বেংকিং আদি খণ্ডৰ পৰা সহযোগ লাভ কৰিব।

ভাৰত চৰকাৰে দেশৰ নিবনুৱা যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীৰ বিশেষ প্ৰশিক্ষণ আঁচনি আৰম্ভ কৰিছে। ভাৰতৰ যুৱক-যুৱতীসকলক কৰ্প'ৰেট জগতত কিছু অভিজ্ঞতা লাভ কৰাত সহায় কৰাটোৱেই হৈছে যুৱ ইণ্টাৰ্নশ্বিপ আঁচনিৰ মূল উদ্দেশ্য। এই আঁচনিৰ সহায়ত যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুবিধা উপলব্ধ হ’ব ।

এই আঁচনিৰ জৰিয়তে অপাৰেচন মেনেজমেণ্ট, প্ৰডাকচন, মেইন্টেনেন্স আৰু চেলচৰ লগতে ২৪ টা খণ্ড আৰু ২০ টাতকৈও অধিক ক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ উপলব্ধ হ'ব। লগতে ৩৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৩৭খন জিলাত এই সুযোগ লাভ কৰিব।

ভাৰত চৰকাৰৰ তথ্য অনুসৰি এই আঁচনিৰ অধীনত নিৰ্বাচিত যুৱক-যুৱতীসকলে মাহিলী ৫০০০ টকা পৰ্যন্ত জলপানী লাভ কৰিব। পঞ্জীয়নকাৰীয়ে মাহিলী জলপানীৰ লগতে ৬০০০ টকাৰ এককালীন আৰ্থিক সাহায্য লাভ কৰিব। নিৰ্বাচিত যুৱক-যুৱতীসকলে ভাৰতৰ শীৰ্ষ ৫০০ টা কোম্পানীত বিশেষ প্ৰশিক্ষণৰ সুযোগ লাভ কৰিব। এই আঁচনিখনে প্ৰতিভা সন্ধানকাৰী প্ৰতিষ্ঠান আৰু সুযোগ সন্ধানী যুৱক-যুৱতীসকলৰ মাজত এক সেঁতু নিৰ্মাণ কৰিব বুলি আশা কৰা হৈছে।

Also Read: অসমত এতিয়া মন্ত্ৰী কেইজন?

PM Internship Scheme