১৭৫টা ব্ৰিটিছ শিশুৰ তেজত সংৰোপন কৰা হৈছিল এইচ আই ভি ভাইৰাছ

author-image
Asomiya Pratidin
New Update
১৭৫টা ব্ৰিটিছ শিশুৰ তেজত সংৰোপন কৰা হৈছিল এইচ আই ভি ভাইৰাছ

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ পুৰালেখ বিভাগৰ তথ্যত প্ৰকাশ পালে এক ভয়াৱহ ঘটনা । ১৯৮০ চনত ইংলেণ্ডৰ ১৭৫ টা শিশুৰ দেহত অজানিতে সংৰোপন কৰা হৈছিল এইছ আই ভি ভাইৰাছ । এই সম্পৰ্কে বৰ্তমান প্ৰমাণ দাখিল কৰিবলৈ অহা পৰিয়ালসমূহৰ দাবীত হে প্ৰকাশ পালে ইংলেণ্ডৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱাৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ দুৰ্যোগ বুলি গণ্য কৰা এই দুৰ্ঘটনাটো ।

প্ৰায় ৩৬ বছৰ পাছত প্ৰকাশ হোৱা এই দুৰ্ঘটনাটো আছিল সমগ্ৰ বিশ্বজুৰি সৃষ্টি হোৱা এইডছ সংকটৰো কিছু মাহ পূৰ্বে । আনকি ব্ৰিটিছ চৰকাৰৰ বহু প্ৰচলিত 'অজ্ঞতাৰ বাবে মৃত্যুমুখত নপৰিব' শীৰ্ষক সজাগতা শিবিৰৰো পূৰ্বেই সংঘটিত হৈছিল এই কাণ্ড ।

এই দুৰ্যোগৰ আৰম্ভণি আছিল হেম'ফিলিয়া, অৰ্থাৎ তেজৰ গোট মৰা শক্তি হ্ৰাস হৈ আহে এই ৰোগত ভোগা ৰোগীসকলে । ফলত সামান্য আঘাততে প্ৰচুৰ ৰক্তক্ষৰণ হয় আঘাতপ্ৰাপ্তৰ । স্মৰ্তব্য যে, ১৯৭১ চনৰ পৰা ১৯৯০ চনলৈ এই ৰোগৰ চিকিৎসা হিচাপে ব্যৱহাৰ কৰা হৈছিল 'ফেক্টৰ-৭' নামৰ এটি ঔষধ যাৰ জৰিয়তেতেজ গোট মাৰিবলৈ প্ৰয়োজনীয় প্ৰ'টিন যোগান ধৰা হয় ৰোগী গৰাকীক । আৰু এই সময়ছোৱাতে, ফেক্টৰ-৭ ব্যৱহাৰ কৰিয়ে এইডছত আক্ৰান্ত হৈছিল ১২৫০ গৰাকী ব্যক্তি । যাৰ মাজত আছিল ১৭৫ গৰাকী শিশু । দুৰ্ভাগ্যজনক ভাৱে, সেই সময়ত এইডছৰ চিকিৎসা সহজলভ্য নোহোৱাৰ বাবেই অৰ্ধেক সংখ্যক ৰোগীৰ মৃত্যু হৈছিল বিনা চিকিৎসাই ।

১৯৮০ ৰ দশকত, সংযুক্ত যুক্তৰাষ্ট্ৰ স্বনিৰ্ভৰশীল নাছিল ৰক্ত যোগানৰ ক্ষেত্ৰত । যাৰ বাবে, আমেৰিকাৰ পৰা ৰপ্তানি কৰোৱা হৈছিল ফেক্টৰ-৭ । আৰু এই ফেক্টৰ-৭ প্ৰস্তুত কৰ‍া হৈছিল হেজাৰ হেজাৰ লোকৰ প্লাজমাৰ সংমিশ্ৰণত । এই বিশাল পৰিসংখ্যাৰ মাজত যদি কেৱল এজনো এইডছ ৰোগী আছিল তেন্তে অনায়সেই বিয়পি পৰিছিল এইডছৰ ভাইৰাছ । আনহাতে, ফেক্টৰ-৭ৰ চাহিদা পুৰাবলৈ আমেৰিকাৰ ঔষধ নিৰ্মাতা সকলে কাৰাবন্দী আৰু ড্ৰাগছ সেৱনকাৰী সকলৰ পৰাও সংগ্ৰহ কৰিছিল তেজ ।

এই ঘটনাৰ প্ৰায় তিনি দশক পাছত ৰোগীসকলৰ পৰিয়ালৰ সন্মুখত ৰাজহুৱা কৰা হ'ল এই তথ্য । এই সন্দৰ্ভত, ইংলেণ্ডৰ স্বাস্থ্য বিভাগৰ মুখপাত্ৰ গৰাকীৰ মন্তব্য অনুসৰি দুৰ্ঘটনাটিৰ অনুসন্ধানৰ বাবে তৈয়াৰ কৰা হৈছে তদন্তকাৰী কমিটী । আৰু অতি শীঘ্ৰেই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা হ'ব যাতে ভুক্তভোগীৰ পৰিয়াল আৰু সমগ্ৰ ৰাইজ জ্ঞাত হয় দুৰ্ঘটনাটোৰ বাবে কোন আছিল প্ৰকৃততে দায়ী ।

england america HIV