আজিৰ পৰা পেৰিছত সপ্তদশ গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছ

আজিৰ পৰা পেৰিছত সপ্তদশ গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছ
Published on
Updated on

ডিজিটেল ডেস্ক: পেৰিছত বুধবাৰৰ পৰা ২০২৪ চনৰ পেৰালিম্পিক আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। ৮ ছেপ্তেম্বৰত এই প্রতিযোগিতাৰ সামৰণি পৰিব। ফ্রান্সে এইবাৰ প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন পেৰালিম্পিকৰ আয়োজন কৰিছে।

ইয়াৰ পূৰ্বে ১৯৯২ চনত দেশখনৰ শীতকালীন পেৰালিম্পিক অনুষ্ঠিত হৈছিল। এইবাৰৰ পেৰালিম্পিকত ভাৰতৰ ৮৪জনীয়া খেলুৱৈ দলে ভাগ লব। এয়া হ'ব পেৰালিম্পিকত অংশ লোৱা ভাৰতৰ সৰ্ববৃহৎ দল। ভাৰতে ২২টা শিতানৰ ভিতৰত ১২টাত ভাগ ল'ব। এইবাৰ পেৰা চাইক্লিং, পেৰা জুদো আৰু পেৰা ৰোয়িঙত ভাৰতে প্ৰথমবাৰলৈ ভাগ ল'ব।

উল্লেখযোগ্য যে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজত থকা ক্ৰীড়া প্ৰতিভাৰ বিষয়ে উপলব্ধি কৰি এজন জাৰ্মান চিকিৎসক লুডৱিগ গুটমেনে দ্বিতীয় বিশ্বযুদ্ধত আঘাতপ্ৰাপ্ত ব্ৰিটিছ সৈনিকৰ মাজত ১৯৪৮ চনত পেৰালিম্পিক গেমছৰ আয়োজন কৰিছিল।

পেৰালিম্পিকত ভাৰতৰ যাত্ৰা ১৯৬৮ চনৰ গেমছত আৰম্ভ হৈছিল । ইজৰাইলৰ তেল আভিভত পেৰালিম্পিকত প্ৰথমবাৰৰ বাবে ভাৰতে প্ৰদৰ্শন আগবঢ়াইছিল। ভাৰতীয় দলৰ অংশ হিচাপে মুঠ ১০জন খেলুৱৈক এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। যাৰ ভিতৰত আছিল ৮জন পুৰুষ আৰু দুগৰাকী মহিলা ।

অৱশ্যে ভাৰতে পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল যদিও বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়ামঞ্চত ভাৰতৰ পেৰা-এথলীটসকলৰ বাবে আছিল এয়া প্ৰথম অভিজ্ঞতা আছিল। ২০১৬ চনৰ ৰিঅ’ পেৰালিম্পিকত ভাৰতে চাৰিটাকৈ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ যাৰ ভিতৰত আছিল প্ৰথম মহিলা পেৰালিম্পিক দীপা মালিকে ৰূপৰ পদক লাভ কৰিছিল ।

উল্লেখযোগ্য যে ২০২০ চনত টকিঅ’ পেৰালিম্পিকত ভাৰতে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল ৷ ভাৰতীয় খেলুৱৈসকলে ৫টা সোণৰ পদক, ৮টা ৰূপৰ পদক আৰু ৬টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১৯ টা পদক লাভ কৰিছিল ৷

আজিৰ পৰা পেৰিছত সপ্তদশ গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছ
পুৱাই শুই উঠি এইকেইটা কাম কৰাৰ অভ্যাস গঢ়ি তোলক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in