লখিমপুৰৰ কোঁৱৰ গাঁৱত অনুষ্ঠিত হ'ব ২০২৫বৰ্ষৰ অসম ভিত্তিত ভাওনা সমাৰোহ

লখিমপুৰৰ কোঁৱৰ গাঁৱত অনুষ্ঠিত হ'ব ২০২৫বৰ্ষৰ অসম ভিত্তিত ভাওনা সমাৰোহ
Published on
Updated on

ডিজিটেল সংবাদ, লখিমপুৰ: ধলপুৰ কচুৱা আঠাবাৰী শ্ৰী শ্রী গোপাল মহাপ্রভু স্থানৰ সৌজন্যত লখিমপুৰ জিলা ৰাইজৰ সহযোগত " গোবিন্দ ক্ষেত্র "ত অহা ২০২৫ চনৰ ১৩ মাৰ্চৰ পৰা ১৯ মাৰ্চলৈ (২৮ ফাগুনৰ পৰা ৫ চ'ত) অসম ভিত্তিত ভাওনা সমাৰোহ (প্রতিযোগিতা) ভাগ আয়োজন কৰা হৈছে। উক্ত সমাৰোহত অংশ গ্ৰহণ কৰিবৰ কাৰণে অসমৰ সাংস্কৃতিক প্ৰেমী ৰাইজ, দল, সংগঠন সমুহক উদযাপন সমিতিৰ তৰফৰ পৰা গোহাৰি জনোৱা হৈছে।

ভাওনা সমাৰোহত অংশগ্ৰহণৰ কৰিবলগীয়া দলসমুহৰ প্ৰস্তুতিৰ সুবিধার্থে ভাওনা সমাৰোহৰ উদযাপন সমিতিয়ে কিছু নিয়মাৱলী ৰাইজৰ জ্ঞাতাৰ্থে আৰু সক্রিয় সহযোগিতাৰ কাৰণে প্ৰেৰণ কৰিছে।

১/ প্রতিটো ভাওনা দলত মুঠ শিল্পী সহ ৪০ জনতকৈ অধিক হ'ব নোৱাৰিব। এজন শিল্পীয়ে একাধিক ভাওনাত অংশ গ্ৰহণ কৰিব নোৱাৰিব। এজন ব্যক্তিয়ে এটা চৰিত্ৰত হে অংশ লব পাৰিব। স্ত্ৰী চৰিত্ৰৰ ভাও পুৰুষেহে ৰূপায়িত কৰিব পাৰিব।

২/ প্রতিযোগিতাত অংশ গ্ৰহণ কৰা নাটসমূহ, নাট্যকাৰৰ নাম (যদি জ্ঞাত থাকে) ৰামায়ন, মহাভাৰত, ভাগৱত আৰু ওঠৰ পুৰাণৰ কাহিনীৰ আধাৰত মাতৃভাষাত ৰচিত হ'ব লাগিব।

৩/ প্রতিটো ভাওনা দলে গায়ন বায়ন সহ ভাওনা মুঠ ৪ ঘন্টা সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।

৪/ ভাওনা প্ৰদৰ্শনৰ বাবে প্ৰয়োজনীয় সাজ পোছাক, আচবাব, বাদ্য, সাজ, সজ্জা, পেইন্ট, পেইন্টাৰ নিজাকৈ আনিব লাগিব। পোহৰ, শব্দ, আসন, অগ্নিগড় সমিতিয়ে বহন কৰিব।

৫/ দলসমূহে ভাওনা নাটৰ নাম, দলপতি, সহ-দলপতিৰ নাম, ঠিকনা, মোবাইল নম্বৰ সহ চাৰিখন পাণ্ডুলিপি (স্পষ্ট আখৰৰ) উদযাপন সমিতিক জমা দিয়াৰ অন্তিম তাৰিখ ১৫ নৱেম্বৰ

৬/ পাণ্ডুলিপিসমূহ নির্বাচক মণ্ডলিৰ দ্বাৰা বিবেচিত হলে ভাওনাৰ তিনি মাহৰ আগতে দল সমূহক জনোৱা হ'ব।

৭/ পাণ্ডুলিপিসমূহৰ লগত ভৰ্ত্তি মাচুল ২০০০/- টকা দিব লাগিব। বিবেচিত নোহোৱা দলসমূহক ভৰ্ত্তি মাচুল ঘুৰাই দিয়া হ'ব। (একাউন্ট নং 641102010008249, এই নম্বৰত উল্লেখিত মাচুল দিব পাৰিব)।

৮/ দলপতি/সহ-দলপতিয়েহে সকলো ক্ষেত্ৰত সমিতিৰ লগত যোগাযোগ কৰিব পাৰিব।

৯/ ভাওনাৰ গীতমাত, পয়াৰ, স্তুতি, বিলাপ, আদিৰ সুৰ-সঞ্চাৰ সম্পূৰ্ণ ভাওনাৰ পৌৰাণিক নিয়ম, পৰম্পৰা মতে হ'ব লাগিব।

১০/ ভাওনা দলসমুহে ভাওনা আৰম্ভ হোৱাৰ ৩ ঘণ্টাৰ আগতে উপস্থিত হৈ শিল্পীসকলৰ সম্পূৰ্ণ তালিকা, নাট চাৰি কপিকৈ সমিতিক জমা দিব লাগিব।

১১/ ভাওনা প্ৰদৰ্শনৰ সময় আৰু তাৰিখ সমিতিয়ে ১৫ দিনৰ আগত অংশগ্ৰহনকাৰী দলক জনাব, অংশগ্রহনকাৰী দল সমুহক সময় আৰু তাৰিখ সমুহ লটাৰী যোগে নিৰ্বাচন কৰা হ'ব।

১২) নাৰদে শাস্ত্ৰ সম্মত গীত গাব লাগিব। টোকাৰী গীত, দেহবিচাৰ গীত গাব নোৱাৰিব।

১৩) ভাওনা প্ৰদৰ্শনৰ বাবে অভিনয়স্থলীত প্রতিটো দলে ভাওনাৰ পবিত্ৰতা ৰক্ষা কৰি চলিব লাগিব।

১৪) প্ৰত্যেক দলৰ জিৰণীৰ বাবে গৃহ, আহাৰৰ ব্যৱস্থা কৰা হ'ব। ৰাতি যদি থকাৰ ইচ্ছা প্রকাশ কৰে নিজৰ বিছনা পত্র লগত লৈ আনিব লাগিব।

১৫) ভাওনা সন্ধ্যা ৪-৩০ বজাৰ পৰা ৮-৩০ বজালৈ প্ৰথম দর্শনী। ৰাতি ৯-০০ বজাৰ পৰা ১-০০ বজালৈ দ্বিতীয় দর্শনী অনুষ্ঠিত হ'ব।

১৬) প্ৰতিযোগিতাৰ বিচাৰকৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত হ'ব।

১৭) দল সমুহৰ লগত চুক্তি পত্ৰ কৰা হ'ব। কোনো দলে সামাজিক মাধ্যমত বিৰূপ মন্তব্য আগবঢ়ালে আইনমতে জগৰীয়া হ'ব। কিবা আসোৱাহ থাকিলে বঁটা বিতৰণী সভাত বিচাৰকৰ লগত মুকলিভাৱে আলোচনা কৰিব পাৰিব।

১৮) যদি কোনো দলে নিৰ্দ্ধাৰিত সময়ত ভাওনা প্ৰদৰ্শন কৰিব নোৱাৰে তেন্তে এমাহৰ আগতে জনাব লাগিব।

উল্লেখযোগ্য যে অসম ভিত্তিত ভাওনা সমাৰোহ প্ৰতিযোগীতাখনত প্ৰথম পুৰস্কাৰ ৭০,০০১ টাকা ধায্য কৰা হৈছে। দ্বিতীয় পুৰস্কাৰ ৬০,০০১টকা, তৃতীয় পুৰস্কাৰ ৫০,০০১ টকা আৰু শৃংখলাবদ্ধ দলৰ পুৰস্কাৰ ১৫,০০১টকা ধায্য কৰা হৈছে। ইয়াৰোপৰি শ্ৰেষ্ঠ গায়ন বায়নৰ দলক ২৫০১ টকা, শ্ৰেষ্ঠ ভগৱানৰ চৰিত্ৰক ১,০০১, শ্ৰেষ্ঠ দোহাৰ, শ্ৰেষ্ঠ সূত্ৰধাৰ, শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰ, শ্ৰেষ্ঠ শিশু চৰিত্ৰ, শ্ৰেষ্ঠ মুখা চৰিত্ৰ, শ্ৰেষ্ঠ নাৰী চৰিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ নাৰদ, শ্ৰেষ্ঠ নাট্যৰূপকাৰক ১,০০১ টকাৰে পুৰস্কৃত কৰা হব।

প্ৰাণিধানযোগ্য যে ভাওনা প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিব বিচৰা দলসমূহে ভাওনা মঞ্চ পৰিচালক নগেন্দ্ৰ নাথ শৰ্মা, ফোন নং ৮৬৩৮৭৬৬০১৫, সাংস্কৃতিক বিভাগৰ সভাপতি দিগন্ত কুমাৰ শইকীয়া ফোন নং ৮৪৭৩৯৯০৯৬২, সাংস্কৃতিক বিভাগৰ সম্পাদক লক্ষী দত্ত ফোন নং ৬০০০৫৬৭৭৩২ ত যোগাযোগ কৰিব পাৰিব। ইয়াৰোপৰি উত্ৰ লখিমপুৰৰ বৰমূৰীয়া তিনিআলিত থকা অসম ভাএনা সমাৰোহৰ মুখ্য কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব।

লখিমপুৰৰ কোঁৱৰ গাঁৱত অনুষ্ঠিত হ'ব ২০২৫বৰ্ষৰ অসম ভিত্তিত ভাওনা সমাৰোহ
INDIA ক্ষমতালৈ আহিলেই জম্মু কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি ৰাহুলৰ....

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in