ডিজিটেল সংবাদ, মায়ং : সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ বিংশতিতম অধিৱেশন উপলক্ষে দেওবাৰে উখল মাখল পৰিৱেশৰ মাজত লাইখুঁটা স্থাপন আৰু অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়। জাগী ভকতগাও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অহা ৫ আৰু ৬ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা অধিৱেশন উপলক্ষে আজি এই লাইখুটা স্থাপন কৰা হয়।
জাগী ভকতগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন বিষয় শিক্ষক হীৰেণ শৰ্মাই লাইখুটা স্থাপন কৰে।অস্থায়ী কাৰ্যালয়ৰ ফিটা কাটি দুৱাৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ভানু ভূঞাই।
অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকে আদৰণী সমিতিৰ সভাপতি শান্তনু হাজৰিকা,সম্পাদক শিৱ দাস,মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ,অসম সেনাৰ কেন্দ্ৰীয় সংগঠক হিমাংশু মহন্ত, ডা০ মৃণাল বৰা, ডা০ উৎপল শৰ্মাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি। অধিবেশনখন সফল কৰি তুলিবলৈ কঁকালত টঙালি বান্ধিছে আদৰনি সমিতিয়ে।