ডিজিটেল ডেস্ক : ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰৰ বিজেপি চৰকাৰে জম্মু-কাশ্মীৰৰ ঐতিহাসিক ৩৭০ নং দফা আতৰোৱাৰ সিদ্ধান্ত লৈছিল । সেয়াই যেন আছিল বিতৰ্কিত কাশ্মীৰত বিজেপি চৰকাৰৰ প্ৰথমটো খুপনি ।
ইতিমধ্যেই ২০২৪ চনৰ নিৰ্বাচনৰ বাবে সাজু হৈছে দেশৰ সৰু-বৰ প্ৰত্যেকটো ৰাজনৈতিক দল-সংগঠন । ইয়াৰ মাজতেই জম্মু-কাশ্মীৰৰ মুখ্য নিৰ্বাচনী বিষয়া হিৰদেশ কুমাৰে প্ৰকাশ কৰে এক বিষ্ফোৰক তথ্য । জম্মু-কাশ্মীৰৰ আগন্তুক নিৰ্বাচনত ভোটদান কৰিব পাৰিব ৰাজ্যখনলৈ বহি:ৰাজ্যৰ পৰা প্ৰব্ৰজন ঘটা শিক্ষাৰ্থী, চাকৰিয়াল আৰু কৰ্মীসকলে ।
এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে কাশ্মীৰৰ ৰাজনৈতিক নেত্ৰী মেহবুবা মুফ্টি আৰু নেতা অমাৰ আব্দুল্লাই । তেওঁলোকৰ মতে, বিজেপিৰ সমগ্ৰ দেশক গেৰুৱাকৰণ কৰা প্ৰক্ৰিয়াত কাশ্মীৰক অন্তৰ্ভূক্ত কৰাবলৈ অনা হ'ব প্ৰায় ২৫ লাখ ভুৱা ভোটাৰ ।
ইয়াৰ উপৰিও, জম্মু-কাশ্মীৰত মোতায়েন হৈ থকা সেনা বাহিনীৰ সদস্যসকলেও ভোটদান কৰিব পাৰিব কাশ্মীৰত । উল্লেখ্য যে,বেচৰকাৰী তথ্য অনুসৰি কাশ্মীৰত প্ৰায় ৯ লাখ ভাৰতীয় সেনা কৰ্তব্যৰত অৱস্থাত আছে |
আৰু পঢ়ক: পলাতক নৰ হত্যাকাৰী গেৰজাইক গ্ৰেপ্তাৰ