ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতত আজিৰে পৰা আৰম্ভ হৈছে ২৮ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতা-২০২২। ৰাজ্যৰ ৩৩ খন জিলাৰ মুঠ ১৩০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত।
সৰ্বমুঠ ২৫ টা ইভেণ্টত অনুষ্ঠিত হ'ব খেল। পুৰুষৰ ৭৯৯ আৰু মহিলাৰ ৬০৬ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব মাষ্টাৰ্ছ এথলেটিকছত।
ৰাজ্যৰ মাষ্টাৰ্ছ এথলেটিকছৰ অধীনৰ ৩৩ খন জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। উদ্বোধনী অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, অৰ্জুন ভোগেশ্বৰ বৰুৱা, অৰ্জুন নয়ণমনি শইকীয়া, ঢোলৰ ওজা সোমনাথ বৰা উপস্থিত আছে।
প্ৰতিযোগিতাৰ আৰম্ভণিতে অৰ্জুন নয়ণমনি শইকীয়াই অলিম্পিক শিখা প্ৰজ্বলন কৰাৰ বিপৰীতে অৰ্জুন ভোগেশ্বৰ বৰুৱাই মাষ্টাৰ্ছ এথলেটিকছৰ পতাকা উত্তোলন কৰে।
Inauguration program of the 28th Assam Masters Athletics Championship in Bokakhat
Watch Live: https://t.co/stD5HwWl27 pic.twitter.com/MaKZEuKPfo— Atul Bora (@ATULBORA2) December 8, 2022
ক্লিক কৰি পঢ়কঃ অকাল মৃত্যুক সাৱতি লোৱা পুত্ৰৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰিলে শ্মশান, জিৰণিচৰা...