খানাপাৰাত 'এফপিঅ' এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট' সন্দৰ্ভত প্ৰশিক্ষণ

খানাপাৰাত 'এফপিঅ' এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট' সন্দৰ্ভত প্ৰশিক্ষণ

author-image
Asomiya Pratidin
New Update
খানাপাৰাত 'এফপিঅ' এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট' সন্দৰ্ভত প্ৰশিক্ষণ

ডিজিটেল সংবাদ, খানাপাৰা: অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ৰ অন্তৰ্গত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (SAMETI)ৰ উদ্যোগত 'এফ পি অ' এণ্ড এণ্টাৰপ্ৰেনোৱাশ্বিপ ডেভেলপমেণ্ট' বিষয় সন্দৰ্ভত ৩ দিনীয়াকৈ আয়োজিত হোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ শনিবাৰে  সফলতাৰে অন্ত পৰে ৷ এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাজ্যৰ ৬খন জিলাৰ নিৰ্বাচিত অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে ৷

এই ৩ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক এফপিচি বা কৃষক উৎপাদক কোম্পানী গঠন, কৃষক উৎপাদক কোম্পানীৰ পঞ্জীয়ন ব্যৱস্থা তথা নীতি-নিৰ্দেশাৱলীৰ লগতে ইয়াৰ সাংগঠনিক ব্যৱস্থাপনা কেনেকৈ শক্তিশালী কৰিব পাৰি ইত্যাদি বিভিন্ন বিষয় সন্দৰ্ভত বিভাগীয় আৰু নিমন্ত্ৰীত সমলব্যক্তিসকলে প্ৰশিক্ষণ আগবঢ়ায় ৷ ইয়াৰ উপৰি কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভতো অংশগ্ৰহণকাৰীসকলক বিশদ বিৱৰণ আগবঢ়োৱা হয় ৷

লগতে,এই  ৩ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলক 'নিউ চন্দ্ৰপুৰ এফপিচি'লৈ ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে লৈ যোৱা হয় ৷ উল্লেখ্য যে,যোৱা ৫ ছেপ্তেম্বৰ ২০২৪ তাৰিখে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভণী অনুষ্ঠানত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

Also Read: যোৰহাটত ছাব-জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ আৰম্ভ

khanapara