কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন, শিল খহি পৰি তীৰ্থযাত্ৰীৰ মৃত্যু...

কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন, শিল খহি পৰি তীৰ্থযাত্ৰীৰ মৃত্যু...
Published on
Updated on

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা কেদাৰনাথৰ গৌৰীকুণ্ডত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। চিৰৱাছাৰ পাহাৰৰ পৰা শিল খহি পৰাৰ ফলত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনৰ ফলত ৩জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৮জন গুৰুতৰভাৱে আহত হৈছে।

এছ ডি আৰ এফ আৰু এন ডি আৰ এফ দলে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰ অভিযানকাৰী দলে ধ্বংসাৱশেষৰ তলত এতিয়াও কেইবাজনো তীৰ্থযাত্ৰী আৱদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে। দুৰ্ঘটনাটো দেওবাৰে পুৱা ৭.৩০বজাত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বতৰ বিজ্ঞান বিভাগে উত্তৰাখণ্ডৰ বহু অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বৰষুণৰ সন্দৰ্ভত ডেৰাডুনৰ বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ে জাৰি কৰিছে সতৰ্কবাণী। কুমাওঁ, গড়ৱাল, ডেৰাডুনকে ধৰি ৰাজ্যৰ বহু ভৈয়ামৰ অঞ্চলত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

আগন্তুক ২৪ৰ পৰা ৪৮ ঘণ্টাত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনাত কুমাওনৰ প্ৰায়বোৰ জিলাতে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। ৰাজধানী ডেৰাডুনকে ধৰি গড়োৱালৰ অধিকাংশ জিলা আৰু ভৈয়াম অঞ্চলত হালধীয়া এলাৰ্ট জাৰি কৰিছে। আইএমডিৰ তথ্য অনুসৰি উত্তৰাখণ্ডৰ বিভিন্ন স্থানত বজ্ৰপাতৰ সৈতে প্ৰবল বৰষুণ হোৱাৰো সম্ভাৱনা আছে।

উল্লেখযোগ্য যে বিগত বছৰো গৌৰীকুণ্ডত ভূমিস্খলনৰ ফলত তিনিখন দোকানৰ বিস্তৰ ক্ষতিসাধন হৈছিল। এই দোকানসমূহত উপস্থিত থকা বহু লোক নিহত হোৱাৰ বিপৰীতে বহু লোক নিৰুদ্দেশ হৈ আছিল। প্ৰায় ১২জন লোকৰ মৃতদেহ মন্দাকিনী নদীৰ পৰা উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছিল ।

কেদাৰনাথৰ গৌৰীকুণ্ডত অঘটন, শিল খহি পৰি তীৰ্থযাত্ৰীৰ মৃত্যু...
মই সদায় ১ নম্বৰত থাকিব বিচাৰোঃ সমস্যাই জুৰুলা কৰা হাৰ্দিকে হাঁহি হাঁহি কিয় ক'লে এনেকৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in