ডিজিটেল সংবাদ,হাওৰাঘাট : সমগ্ৰ অসমৰ লগতে বিভিন্ন জাতি জনজাতিৰ ৰম্যপুৰি কাৰ্বি আংলং জিলাৰ বৃহত্তৰ গ্ৰাম্যাঞ্চল ৰজাপথাৰৰ কাছমাৰী চাৰিআলিত এই বেলি বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে ৪৪ সংখ্যক ৰাস মহোৎসৱ। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ৰাস মহোৎসৱ ভাগি শনিবাৰে সফলতাৰে সামৰণি পৰে।
ৰজাপথাৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত ৰাস মহোৎসৱৰ নিৰ্দ্ধাৰিত কাৰ্যসূচী অনুসৰি পুৱা সভাপতি লংকি বেয়ে ৰাস ধ্বজ্জা উত্তোলন কৰে। সমান্তৰালকৈ ৪৪ টা বৰ্ষ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত সমিতিৰ প্ৰাক্তন সভাপতি,সম্পাদকৰ লগতে অঞ্চলৰ বিশিষ্ট নাগৰিকসকলৰ দ্বাৰা মুঠ ৪৪ খন ৰাস ধ্বজা উত্তোলন কৰা হয়।
ইয়াৰ পিছতেই স্মৃতি তৰ্পণ , গছপুলি ৰোপণ, অনুপ কোঁৱৰ সোঁৱৰণি মুল মণ্ডপ উদ্বোধন কৰা হয়। অসীম টেৰণ সোঁৱৰণি মঞ্চ উদ্বোধনৰ অন্তত অঞ্চলটোৰ বিভিন্ন গাঁৱৰ আয়তি সমাজৰ দ্বাৰা প্ৰদৰ্শিত সমূহীয়া দিহানাম উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক সুতৰাম দাসে ।
সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলনৰ পিছতেই ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট কবি শৰৎ পাটৰৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ 'মুৰলী' শুভ উন্মোচন কৰে ডিফুৰ বিশিষ্ট সাহিত্যিক ভৱ প্ৰসাদ দেউৰীয়ে । স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানত কাৰ্বি লামমেত আমেইৰ সভাপতি কামচিং হাঞ্চে আৰু কাৰ্বি অভিধান কাৰ্বি লামতাচাম'ৰ প্ৰণেতা সাহিত্যিক খয়াচিং হাঞ্চেয়ে অংশগ্ৰহণ কৰে।
তেওঁলোকে কৃষ্টি -সংস্কৃতিৰ চৰ্চা আৰু পৰম্পৰা ৰক্ষাৰ সন্দৰ্ভত সাৰগৰ্ভ ভাষণ দাঙি ধৰে । ইয়াৰ পিছতেই ৰাস মহোৎসৱৰ মুখ্য অনুষ্ঠান ৪৪ সংখ্যক শ্ৰী শ্ৰীকৃষ্ণৰ শাৰদীয় ৰাস মহোৎসৱ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য বাহী সদস্য মধুৰাম লেকেথেয়ে।
দ্বিতীয়দিনৰ পুৱা শিল্পী প্ৰয়াত হুৰচি তাতী সোঁৰৱণী সমূহীয়া দিহানাম প্ৰদৰ্শন শুভ উদ্বোধন কৰে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ মনালিছা ৰংপিপীয়ে। অনুষ্ঠানত সন্মানীয়া অতিথি হিচাপে শিক্ষয়িত্ৰী প্ৰেমদা বৰাই অংশগ্ৰহণ কৰে। তেওঁ ঈশ্বৰ তত্ত্ব সম্পৰ্কীয় চিন্তা চেতনাইহে সমাজত উশৃংখলতা দূৰীকৰণত সহায়ক হ'ব বুলি মন্তব্য কৰে।
সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলনৰ কৰা হয়। ইয়াৰ পাছতে মূল কাৰ্যসূচী প্ৰাক্তন কেবিনেট মন্ত্ৰী স্বৰ্গীয় চুম ৰংহাং সোঁৱৰণী বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত স্থানীয় শিল্পীবৃন্দৰ লগতে গুৱাহাটীৰ আমন্ত্ৰিত অতিথি শিল্পীদ্বয় ক্ৰমে নীহাৰিকা হাজৰিকা আৰু প্ৰাণ্জু পৰাণে গীত পৰিৱেশন কৰি দৰ্শক শ্ৰোতাক আপ্লুত কৰে।
অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাত সহায় -সহযোগিতা আগবঢ়োৱা সংশ্লিষ্ট সকলো পক্ষলৈ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি লংকি বে আৰু সম্পাদক জয়দেৱ তিমুঙে ধন্যবাদ জ্ঞাপন কৰে ।