চামতাত ৪৫ সংখ্যক নৰোৰাম বৰ্মন ফুটবল আৰম্ভ : অসম পুলিচ ব্লুজ দলৰ ছেমি ফাইনেলত প্ৰৱেশ

চামতাত ৪৫ সংখ্যক নৰোৰাম বৰ্মন ফুটবল আৰম্ভ : অসম পুলিচ ব্লুজ দলৰ ছেমি ফাইনেলত প্ৰৱেশ

দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত অংশ ল’ব চিটি এফ চি গুৱাহাটী আৰু ইলেভেন ষ্টাৰ ক্লাৱ, বঙাইগাঁও দলে
Published on

ডিজিটেল সংবাদ, চামতা : চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ পৰিচালনাত সংঘৰ নিৰ্মীয়মান ষ্টেডিয়ামত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ৪৫ সংখ্যক নৰোৰাম বৰ্মন সোঁৱৰণী ফুটবল প্ৰতিযোগিতা ৷ আজিৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল খেলত অসম পুলিচ ব্লুজ দলে শংকৰজ্যোতি সংঘ দদৰা দলক ৪-০ গ’ত পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷

একপক্ষীয় খেলখনত অসম পুলিচ ব্লুজ দলৰ হৈ ৰাকেশ দাসে ১ গ’ল, নৱজিৎ বৰগোহাই ২ গ’ল আৰু নবেম্বৰ বসুমাতাৰীয়ে ১ গ’ল দিয়ে ৷ আজিৰ খেলখন উদ্বোধন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ তথা বিশিষ্ট ক্ৰীড়া সংগঠক দিলীপ কুমাৰ শৰ্মাই ৷

অতিথি হিচাপে উপস্থিত থাকে ঋত্বিক চক্ৰৱৰ্তী, প্ৰাক্তন সুদক্ষ খেলুৱৈ ডিম্বেশ্বৰ চৌধুৰী ৷ খেল আৰম্ভণীৰ আগেয়ে চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সভাপতি যতীন শৰ্মাই সংঘৰ পতাকা উত্তোলন কৰে ৷

সংঘৰ সম্পাদক বিকাশ ভট্টাচাৰ্যই আঁত ধৰা অনুষ্ঠানত সংঘৰ কাৰ্যকৰী সভাপতি অপূৰ্ব বৰ্মন, যুটীয়া সম্পাদক বিনয় ভুষণ দত্ত, সহকাৰী সম্পাদক অমল বৰ্মন, কুলেশ তালুকদাৰ আদি বিষয়ববীয়াসকল উপস্থিত থাকে৷ আজিৰ খেলখন পৰিচালনা কৰে মণিপ্ৰিন্স হাজৰিকা, অনিমবষ বৰ্মন, ভূপেন তালুকদাৰ আৰু নৱজিৎ কলিতাই ৷ 

উল্লেখযোগ্য যে শনিবাৰৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত অংশ ল’ব চিটি এফ চি গুৱাহাটী আৰু ইলেভেন ষ্টাৰ ক্লাৱ, বঙাইগাঁও দলে ৷

চামতাত ৪৫ সংখ্যক নৰোৰাম বৰ্মন ফুটবল আৰম্ভ : অসম পুলিচ ব্লুজ দলৰ ছেমি ফাইনেলত প্ৰৱেশ
ভাৰতীয় দলৰ বেটিং বিপৰ্যয় : আলহী দল নিউজিলেণ্ডৰ বিৰুদ্ধে ১৫৬তে স্তব্ধ ৰোহিত বাহিনী
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in